NORTHEAST NOW (Assamese)
অসম

চাপৰত চোৰে নিদ্ৰাহৰণ কৰিছে নগৰবাসীৰ, আৰক্ষীৰ চকুত ধূলি মাৰি নিৰ্বিবাদে চলাই গৈছে ’চাফাই অভিযান’

Posted by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ Updated by: তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ October 10, 2022 9:08 pm

বিগত কিছুদিনৰে পৰা চাপৰ চহৰ অঞ্চলৰ বিভিন্ন লোকৰ গৃহত চোৰে আ- অলংকাৰকে ধৰি গেছৰ চিলিণ্ডাৰ,অভেন ,টকা পইচা, নতুন কৈ নিৰ্মাণ কৰি থকা ঘৰৰ ৰোড আদি সা – সামগ্ৰী চুৰি কৰি থকাৰ ঘটনাই ৰাইজ তথা গৃহস্থৰ নিদ্রাহৰণ কৰিছে।

এনে ঘটনা দিনক দিনে বৃদ্ধি পোৱাত বহুতে উজাগৰী নিশা কটাবলগীয়া হৈছে। একাংশৰ মতে ড্ৰাগছ সেৱন, সুৰা পান কৰিবলৈ এই চুৰি আৰম্ভ হৈছে।

 লগতে জুৱা খেল , তীৰ খেল, ক্ৰিকেট জুৱা খেলিবলৈ এই ঘটনা বিলাক বৃদ্ধি পাইছে।

এই সন্দৰ্ভত চাপৰ অঞ্চলৰ বিভিন্ন ঠাইত চলি থকা তীৰ খেল, জুৱা খেল , তিন পাত্তি জুৱা, ক্ৰিকেট জুৱা দমন বন্ধ কৰিবলৈ প্ৰশাসন আগবাঢ়ি আহিব লাগিব বুলি বিভিন্ন জনে মন্তব্য কৰিছে।

নিশা বিভিন্ন ঠাইত আৰক্ষী তহল বঢ়াব লাগিব বুলিও সচেতন মহলে মন্তব্য আগবঢ়াইছে।