NORTHEAST NOW (Assamese)
অসম

তেজপুৰত গৃহৰক্ষী জোৱানৰ দ্বাৰা নাবালিকাক যৌন নিৰ্যাতন

Posted by: প্ৰণৱ কুমাৰ দাস April 24, 2018 8:46 pm
651212-rape-3-266x200

তেজপুৰৰ গৃহৰক্ষী বাহিনীৰ প্ৰশিক্ষণ শিবিৰত  এজন হাবিলদাৰে এগৰাকী নাবালিকাক যৌন আতিশায্য চলোৱাৰ তথ্য অলপতে পোহৰলৈ আহিছে। জানিব পৰা মতে শোণিতপুৰ জিলাৰ তেজপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাৰুৱাস্থিত গৃহৰক্ষী বাহিনীৰ প্ৰশিক্ষণ কেন্দ্ৰটোত গৃহৰক্ষী বাহিনীৰ হাবিলদাৰ প্ৰায় ৫৯ বছৰীয়া বিপিন বৈশ্যই তেওঁৰেই সহকৰ্মী বাহাৰুল ইছলামৰ নাবালিকা কন্যাজনীক পুৱা প্ৰায় ৭.৩০ বজাত যৌন নিৰ্যাতন চলোৱাৰ প্ৰচেষ্টা চলায়। অভিযুক্ত বিপিন বৈশ্যৰ ঘৰ নলবাৰী জিলাৰ বেলশৰৰ জাগমা গাঁওত।

তেজপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাত্তাই কৈছে যে নাবালিকাজনীৰ পৰিয়ালৰ সদস্যই তেজপুৰ আৰক্ষী থানাত এখন এজাহাৰ দিছে। এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত বিপিন বৈশ্যৰ বিৰুদ্ধে ২৪/০৪/২০১৮ তাৰিখৰ ৮১৮/১৮ নং গোচৰৰ বিপৰীতে যৌন অপৰাধৰ পৰা শিশুক সুৰক্ষা (POCSO) আইনৰ ধাৰা ৮/১০ৰ অধীনত এটা গোচৰ ৰুজু কৰিছে।অতিৰিক্ত আৰক্ষী অধীক্ষক মাহাত্তাই কৈছে যে অভিযুক্তই নাবালিকাগৰাকীক যৌন নিৰ্যাতনৰ অপচেষ্টা চলাইছিল।

আজি আবেলি তেজপুৰৰ আদালতত হাজিৰ কৰোৱাৰ অভিযুক্ত বিপিন বৈশ্যক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে বুলি অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জনাইছে।