NORTHEAST NOW (Assamese)
ত্ৰিপুৰা

কিশোৰী বলাৎকাৰৰ অভিযোগত তিনি দুৰ্বৃত্তক গ্ৰেপ্তাৰ: বিজেপি মন্ত্ৰীৰ পুত্ৰ জড়িত থকাৰ অভিযোগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 24, 2022 2:24 pm
gang rape

চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ উনাকোটি জিলাত এগৰাকী ১৬ বছৰীয়া কিশোৰীক দলবদ্ধভাৱে বলাৎকাৰ কৰাৰ অভিযোগত ত্ৰিপুৰা আৰক্ষীয়ে তিনি দুৰ্বৃত্তক লোকক গ্ৰেপ্তাৰ কৰিছে। অভিযোগ অনুসৰি যোৱা ১৯ অক্টোবৰত কুমাৰঘাটৰ এটা তিনিমহলীয়া অট্টালিকাত দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল কিশোৰীগৰাকী।

কুমাৰঘাটৰ এগৰাকী স্থানীয় আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে কিশোৰীগৰাকীৰ মাতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত এগৰাকী মহিলাসহ তিনিগৰাকী অভিযুক্তক বৰ্তমান গ্ৰেপ্তাৰ কৰা হৈছে। কিন্তু অভিযুক্ত আন কেইবাগৰাকীও পলাতক অৱস্থাত আছে বুলি সংবাদ মাধ্যমৰ আগত তেওঁ সদৰী কৰিছে।

কিশোৰীগৰাকীৰ মাতৃয়ে অভিযোগ কৰা মতে, ধৃত চুবুৰীয়া মহিলাগৰাকীয়ে কিশোৰীগৰাকীক কুমাৰঘাটৰ অট্টালিকাটোলৈ লগত লৈ গৈছিল আৰু পূৰ্বৰে পৰা তাত থকা লোকসকলে কিশোৰীগৰাকীক দলবদ্ধ ধৰ্ষণ কৰিছিল।

ইফালে এই ঘটনাত ৰাজ্যখনৰ শাসকীয় বিজেপি চৰকাৰৰ এগৰাকী ৰাজ্যিক মন্ত্ৰীৰ পুত্ৰ জড়িত বুলি দাবী কৰি বিৰোধী কংগ্ৰেছ আৰু চিপিআই(এম)- এ গোচৰৰ সকলো অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে।

ত্ৰিপুৰা কংগ্ৰেছৰ নেতা তথা প্ৰাক্তন বিধায়ক আশীষ সাহাই অপৰাধীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ দাবী কৰি সাংবাদিকৰ আগত কয়, “ধৰ্ষণৰ গোচৰত এগৰাকী মন্ত্ৰীৰ পুত্ৰৰ নাম জড়িত হৈ আছে। সেয়েহে, আমি এই বিষয়টোত মুখ্যমন্ত্ৰী মানিক সাহাৰ পৰা এক বিবৃতি বিচাৰো। আমি সকলো অভিযুক্তক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছো।”

আনহাতে চিপিআই(এম)ৰ ৰাজ্যিক সম্পাদক জীতেন্দ্ৰ চৌধুৰীয়ে দলবদ্ধ ধৰ্ষণৰ গোচৰটোত এগৰাকী মন্ত্ৰীৰ পুত্ৰৰ নাম উত্থাপিত হোৱাটো লজ্জাজনক বুলি উল্লেখ কৰি অভিযুক্ত মন্ত্ৰীপুত্ৰৰ বিৰুদ্ধে তদন্তৰ দাবী জনায়। যদি মন্ত্ৰীগৰাকীৰ পুত্ৰ গোচৰৰ অভিযুক্ত হয়, তেন্তে তেওঁক লগে লগে গ্ৰেপ্তাৰ কৰিব লাগিব বুলি চৌধুৰীয়ে দাবী কৰে।

অৱশ্যে, বিৰোধীৰ এই অভিযোগক বিজেপিয়ে ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি দাবী কৰি অস্বীকাৰ কৰিছে। উনাকোটি জিলাৰ বিজেপি সভাপতি পবিত্ৰ চন্দ্ৰ দেবনাথে এক বিবৃতিত এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন আৰু ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি দাবী কৰি ঘটনাৰ সময়ত মন্ত্ৰীগৰাকীৰ পুত্ৰ আগৰতলাত আছিল বুলি মন্তব্য কৰিছে।