NORTHEAST NOW (Assamese)
অসম

মাৰাত্মক ভেঁকুৰৰ তালিকা প্ৰকাশ কৰিলে বিশ্ব স্বাস্থ্য সংস্থাই

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 27, 2022 11:59 am

কোভিডে কোঙা কৰা বিশ্বত কেতবোৰ বিশেষ ভেঁকুৰে এতিয়া ত্ৰাসৰ সৃষ্টি কৰিছে। এনে সময়তে বিশ্ব স্বাস্থ্য সংস্থাই তেনে ভেঁকুৰবোৰৰ এখন তালিকা প্ৰকাশ কৰি উলিয়াইছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে ভেঁকুৰৰ বিষয়ে এয়াই সংস্থাটোৰ প্ৰথম তালিকা। ‘ফাংগাল প্ৰাথমিকতা পেথোজেন তালিকা’ শীৰ্ষক তালিকাত কেইবা বিধো ভেঁকুৰৰ নাম প্ৰকাশ কৰা হৈছে।চিডনী বিশ্ববিদ্যালয়ৰ নেতৃত্বত যুগুত কৰা এক অধ্যয়নৰ তথ্যৰ ভিত্তিত এই তালিকা প্ৰকাশ কৰা হৈছে।

তালিকাখনত কেণ্ডিডা অৰিছ নামৰ ভেঁকুৰো অন্তৰ্ভুক্ত আছে। এই বীজাণুৰ ওপৰত ঔষধৰ প্ৰভাৱ সীমিত। পৃথিৱীৰ বিভিন্ন প্ৰান্তত এই ভেঁকুৰৰ আক্ৰমণত বহুলোকে প্ৰাণ হেৰুৱাই আহিছে।

ইয়াৰ উপৰিও, এই তালিকাত ক্ৰিপ্টোকক্কাছ নিওফৰ্মেন নামৰ ভেঁকুৰ, এস্পাৰগিলাছ ফুমিগাটাছ আৰু কেণ্ডিডা এলবিকেনো অন্তৰ্ভুক্ত কৰা হৈছে। এই গোটটোত কেণ্ডিডা পৰিয়ালৰ অন্যান্য ভেঁকুৰো অন্তৰ্ভুক্ত আছে।