NORTHEAST NOW (Assamese)
ক্ৰীড়া

সমুখত কেৱল জয়াৱৰ্ধনে: টি-২০ বিশ্বকাপৰ ইতিহাসত অনন্য কৃতিত্ব অৰ্জন কোহলীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 27, 2022 9:01 pm
Kohli

ভাৰতীয় ক্ৰিকেট দলৰ বেটিং বিভাগৰ মেৰুদণ্ডস্বৰূপ তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীয়ে চলিত আইচিচি টি-২০ বিশ্বকাপৰ ইতিহাসত আজি এক অনন্য কৃতিত্ব অৰ্জন কৰিছে। নেডাৰলেণ্ডৰ বিপক্ষে আজি ৬২ ৰানৰ দৰ্শনীয় অপৰাজিত ইনিংছটোৰে কোহলীয়ে টি-২০ বিশ্বকাপৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয়।

চলিত বিশ্বকাপৰ প্ৰথমখন মেচত পাকিস্তানৰ বিপক্ষে দুৰন্ত ইনিংছেৰে ভাৰতৰ জয়ত মুখ্য ভূমিকা লোৱা তাৰকা ক্ৰিকেটাৰগৰাকীয়ে আজি চিডনী ক্ৰিকেট গ্ৰাউণ্ডত এই ঈৰ্ষণীয়া লেণ্ডমাৰ্কত উপনীত হয়।

টি-২০ বিশ্বকাপৰ ইতিহাসত বিৰাট কোহলীয়ে বৰ্তমানলৈকে ২১ টা ইনিংছত ৮৯.৯০ গড়ে মুঠ ৯৮৯ ৰাণ সংগ্ৰহ কৰিছে। এই ২১ টা ইনিংছত কোহলীয়ে বাৰটা অৰ্ধ-শতক অৰ্জন কৰিছে। এখন মেচত তাৰকাগৰাকীৰ সৰ্বশ্ৰেষ্ঠ স্ক’ৰ হৈছে ৮৯ ৰান।

এই ক্ষেত্ৰত কোহলীয়ে অতিক্ৰম কৰে টি-২০ ফৰ্মেটৰ ইতিহাসত এগৰাকী অন্যতম শ্ৰেষ্ঠ বেটাৰ ৱেষ্ট ইণ্ডিজৰ কিংবদন্তী তাৰকা ক্ৰিছ গেইলক। গেইলে ৩৩ খন মেচৰ ৩১ টা ইনিংছত ৩৪.৪৬ গড়ে ৯৬৫ ৰাণ সংগ্ৰহ কৰিছে।

উল্লেখ্য যে টি-২০ বিশ্বকাপত কোহলী দুবাৰকৈ ‘মেন অফ দ্য টুৰ্ণামেণ্ট’ হিচাপে বিবেচিত হৈছে। ২০১৪ চনত ৩১৯ ৰান আৰু ২০১৬ চনৰ বিশ্বকাপত ২৭৩ ৰান সংগ্ৰহ কৰি কোহলীয়ে এই সন্মান লাভ কৰিছিল। এই সাফল্য অৰ্জন কৰা কোহলীয়েই বিশ্ব ক্ৰিকেটৰ একমাত্ৰ খেলুৱৈ।

আইচিচি টি-২০ বিশ্বকাপৰ ইতিহাসত সৰ্বাধিক ৰানৰ অভিলেখ আছে শ্ৰীলংকাৰ প্ৰাক্তন অধিনায়ক তথা কিংবদন্তী তাৰকা মাহেলা জয়াৱৰ্ধনেৰ নামত। জয়াৱৰ্ধনেই টি-২০ বিশ্বকাপত ৩৯.০৭ গড়ে ১,০১৬ ৰাণ সংগ্ৰহ কৰিছিল। চলিত বিশ্বকাপতে অৱশ্যে কোহলীয়ে জয়াৱৰ্ধনেক অতিক্ৰম কৰাৰ সম্ভাৱনা আছে।