NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

আগতীয়া নিৰ্বাচনৰ দাবীত ৰাজপথত নামিল ইমৰান খান: ‘লং মাৰ্চ’ৰ প্ৰতি লক্ষ্য ৰাখি ইছলামাবাদত কঠোৰ নিৰাপত্তা ব্যৱস্থা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 28, 2022 7:00 pm
Imran Khan's Long March

চলিত বৰ্ষত আৰম্ভণিতে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী আসনৰ পৰা ক্ষমতাচ্যুত হোৱা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে আজি দেশখনত আগতীয়া নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত ৰাজধানী ইছলামাবাদত এক প্ৰতিবাদী সমদল আৰম্ভ কৰিছে।

অৰ্থনৈতিক সংকট আৰু ভয়াৱহ বানৰ পৰিণতিত দেশখনৰ বৰ্তমানৰ শাসকীয় চৰকাৰ ইতিমধ্যেই জুৰুলা হোৱাৰ সময়তে ইমৰান খানৰ এই ‘লং মাৰ্চ’- এ চৰকাৰৰ সমুখত আন এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে।

অহা সপ্তাহত লাহোৰৰ পৰা ইছলামাবাদলৈ প্ৰায় ৩৮০ কিলোমিটাৰ যাত্ৰা কৰিবলগীয়া প্ৰতিবাদী সমদলত ইমৰান খানৰ সহস্ৰাধিক সমৰ্থকে যোগদান কৰিব বুলি আশা কৰা হৈছে।

এই সমদলত অংশগ্ৰহণৰ বাবে আজি লাহোৰত উপস্থিত হোৱা খানৰ এগৰাকী সমৰ্থকে ইমৰান খানৰ ‘লং মাৰ্চ’লৈ সমৰ্থন আগবঢ়াই কয়, “আমি দেশখনক লুণ্ঠনকাৰী আৰু চোৰৰ পৰা মুক্ত কৰিব লাগিব। এই লুণ্ঠনকাৰীসকলে নিজৰ স্বাৰ্থৰ বাবে দেশৰ ধন বাজেয়াপ্ত কৰি আছে।”

“আমি দেশক বচাব লাগিব আৰু এই ব্যৱস্থা সলনি কৰিব লাগিব, সেয়েহে মই ইমৰান খানক সমৰ্থন কৰিছো।”- সমৰ্থক গৰাকীয়ে লগতে কয়।

ইফালে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ পৰিকল্পিত এই সমদলৰ প্ৰতি লক্ষ্য ৰাখি ৰাজধানী চহৰ ইছলামাবাদত ইতিমধ্যে নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰা হৈছে বুলি পাক প্ৰশাসনে সদৰী কৰিছে।

ইমৰান খানৰ সমৰ্থক প্ৰতিবাদকাৰী বাধা দিয়াৰ বাবে ৰাজধানী অঞ্চলৰ প্ৰধান প্ৰধান পথসমূহত নিৰাপত্তাৰক্ষী সাজু কৰি ৰখা হৈছে বুলি কৰ্তৃপক্ষই সদৰী কৰীছে।

স্মৰ্তব্য যে, যোৱা মে’ মাহত এনে এক প্ৰতিবাদৰ সময়ত ইমৰান খানৰ সমৰ্থক আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হৈছিল।