NORTHEAST NOW (Assamese)
অসম

কাছাৰত আৰক্ষীৰ অভিযান: জব্দ কৰিলে বাৰ্মিজ মূলৰ গৰুভৰ্তি ট্ৰাক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 31, 2022 8:32 pm
Cachar

ৰাজ্যত চলি থকা চোৰাং কাৰবাৰৰ বিৰুদ্ধে আৰক্ষীৰ ধাৰাবাহিক অভিযানৰ মাজতে আজি কাছাৰত আৰক্ষীয়ে লাভ কৰিছে বৃহৎ সফলতা।

জিলাখনৰ ঢলাই অঞ্চলৰ আৰক্ষীয়ে আজি অভিযান চলাই জব্দ কৰিছে বাৰ্মিজ মূলৰ গৰুভৰ্তি এখন ট্ৰাক।

প্ৰকাশিত খবৰ অনুসৰি, গৰুৰ অবৈধ সৰবৰাহৰ এই তথ্য গোপনসূত্ৰে লাভ কৰাৰ পাছত এই তথ্যৰ আধাৰত আৰক্ষীয়ে ট্ৰাকখন আটক কৰিছিল।

ট্ৰাকখন পৰীক্ষা কৰাৰ পাছত আৰক্ষীয়ে বাৰ্মিজ মূলৰ আঠটা গৰু উদ্ধাৰ কৰে।

এই গৰু সমূহ ম্যানমাৰৰ পৰা মিজোৰামৰ মাজেৰে অনা হৈছিল আৰু বাংলাদেশ অভিমুখে নিয়াৰ চেষ্টা কৰা হৈছিল বুলি সন্দেহ কৰা হৈছে।

সূত্ৰ অনুসৰি আন্তৰ্জাতিক বজাৰত এই গৰুবোৰৰ মূল্য প্ৰায় ২৫ লাখ টকা বুলি অনুমান কৰা হৈছে।

আৰক্ষীয়ে এই সন্দৰ্ভত ইতিমধ্যে এগৰাকী ব্যক্তিকো গ্ৰেপ্তাৰ কৰিছে আৰু বিষয়টোৰ তদন্ত কৰি থকা হৈছে বুলি জানিবলৈ দিছে।