NORTHEAST NOW (Assamese)
Popular Stories

কোনো মহিলাকে কৰিব নোৱাৰে বিমুখ! ৬১ বছৰ বয়সত ৮৮ সংখ্যক বিয়া পাতিবলৈ সাজু এজন কৃষক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 3, 2022 5:24 pm

তেওঁ প্ৰথমবাৰ ১৪ বছৰ বয়সত বিবাহ পাশত আৱদ্ধ হৈছিল। সেইটোৱেই আছিল আৰম্ভণি। তেওঁৰ বয়স এতিয়া ৬১ বছৰ। পশ্চিম জাভাৰ মাজালেংকাৰ বাসিন্দা কান-য়ে পুনৰ বিয়া পাতিবলৈ আগবাঢ়িছে। তেওঁ এইবাৰ নিজৰ ৮৮ তম বিয়াখন সম্পন্ন কৰিবলৈ সাজু হৈছে।

বাৰে বাৰে বিয়া পতাৰ বাবে ইণ্ডোনেছিয়াত ‘প্লেবয় কিং’ হিচাপে কানৰ খ্যাতি আছে। এইবাৰ তেওঁৰ খ্যাতি সমগ্ৰ বিশ্বতে বিয়পি পৰিছে। ৬১ বছৰীয়া কান পেছাত এজন কৃষক। তেওঁ কৈছে যে কোনো মহিলাকে বিমুখ কৰিব নোৱাৰে।

লগতে পঢ়ক: আইআইটি খড়গপুৰত অসমৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু; আৰক্ষী অধীক্ষকৰ পৰা ৰিপ’ৰ্ট বিচাৰিলে উচ্চ ন্যায়ালয়ে

এইবাৰ কানে বিয়া কৰিব লোৱা কইনাগৰাকী হৈছে কানৰ ৮৬ তম পত্নী। তেওঁ তেওঁৰ প্ৰাক্তন পত্নীক পুনৰ পত্নী হিচাপে ঘূৰাই আনিব বিচাৰে। “আমি বহু দিনৰ আগতে পৃথক হৈছিলো। কিন্তু আমাৰ প্ৰেম আজিও গভীৰ। কানে কয় যে কইনাইও তেওঁক বহুত ভাল পায়। সেইকাৰণে পুনৰ একেলগে থাকিবলৈ সিদ্ধান্ত লৈছে। অৱশ্যে তেওঁলোকৰ প্ৰথম বিবাহ এমাহতকৈ বেছি স্থায়ী নহ’ল।

ইণ্ডোনেছিয়াৰ প্লে বয় কিং খ্যাত কান।

কানে প্ৰথমবাৰ ১৪ বছৰ বয়সত বিবাহ পাশত আৱদ্ধ হৈছিল। বিয়াখনত কইনাগৰাকী তেওঁতকৈ দুবছৰ ডাঙৰ আছিল। কানে বিয়া খন ভংগ কৰাৰ বাবে নিজকে দোষাৰোপ কৰিছিল। “সেই সময়ত মোৰ আচৰণ বৰ বেয়া আছিল। মোৰ প্ৰথম পত্নীয়ে মোৰ বেয়া আচৰণৰ বাবে দুবছৰ পিছত বিবাহ বিচ্ছেদ বিচাৰিছিল। অৱশ্যে তেওঁ বেয়া আচৰণৰ অৰ্থ কি সেয়া উল্লেখ কৰা নাছিল।

লগতে পঢ়ক: বন্ধ কৰি দিয়া হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কোৱাৰ্টাৰলৈ পানী আৰু বিদ্যুৎ যোগান!

কানে কয় যে তেওঁৰ প্ৰথম বিবাহ ভাঙি যোৱাৰ পিছত তেওঁৰ খং উঠিছিল। তেওঁ আধ্যাত্মিক জ্ঞান আহৰণ কৰাৰ প্ৰতি আগ্ৰহী হৈছিল। তেওঁ ধৰি লৈছিল যে এইবাৰ বহুতো মহিলা তেওঁৰ প্ৰেমত পৰিব। “সেয়া যিয়েই নহওঁক, মই মহিলাসকলৰ প্ৰতি অসন্মানজনক একো নকৰো। মই আনকি কাৰো মনৰ সৈতে নেখেলোঁ।‘’ যোৱা ৮৭ খন বিবাহত কানৰ কিমানটা সন্তান আছে সেয়া অৱশ্যে জানিব পৰা হোৱা নাই।