• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আইআইটি খড়গপুৰত অসমৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু; আৰক্ষী অধীক্ষকৰ পৰা ৰিপ’ৰ্ট বিচাৰিলে উচ্চ ন্যায়ালয়ে

এন ই নাও নিউজ, কলকাতা by এন ই নাও নিউজ, কলকাতা
November 3, 2022 3:41 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

IIT-Kharagpur Assam student’s death ল’ৰাটোৱে আত্মহত্যা কৰা নাছিল, বৰঞ্চ তেওঁক হত্যা কৰা হৈছিল। গতিকে চিআইডি বা বিশেষ অনুসন্ধানকাৰী দলে তেওঁৰ মৃত্যুৰ তদন্ত কৰা উচিত। আইআইটি খড়গপুৰৰ ছাত্ৰ অসমৰ ফাইজান আহমেদৰ পিতৃ-মাতৃয়ে এনে আবেদনৰ সৈতে কলকাতা উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল।

তেওঁলোকে দাবী কৰিছিল যে আৰক্ষীৰ ভাষ্যত কেইবাটাও বিসঙ্গতি আছে। এই আৱেদনৰ ভিত্তিত কলকাতা উচ্চ ন্যায়ালয়ে এই অস্বাভাৱিক মৃত্যু সন্দৰ্ভত পশ্চিম মেদিনীপুৰৰ আৰক্ষী অধীক্ষকৰ পৰা প্ৰতিবেদন বিচাৰিছে। প্ৰতিবেদনখন অহা বৃহস্পতিবাৰৰ ভিতৰত দাখিল কৰিব লাগিব।

লগতে পঢ়ক: গুজৰাট নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰিলে নিৰ্বাচন আয়োগে; হিমাচল প্ৰদেশৰ সৈতেই হ’ব ভোটগণনা

Apply Now

১৪ অক্টোবৰত আইআইটি খড়গপুৰৰ লালা লাজপত ৰায় হলৰ এটা কোঠাত তৃতীয় বৰ্ষৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ ফাইজান আহমেদৰ মৃতদেহ উৱলি যোৱা অৱস্থাত উদ্ধাৰ হৈছিল। এজন ছাত্ৰ মৃত অৱস্থাত হোষ্টেলত পৰি থাকিল, আৰু আনকি তেওঁৰ শৰীৰটো পচিবলৈ আৰম্ভ কৰিলে অথচ কোনেও এইটো গমেই নাপালে?

আৰক্ষীয়ে এতিয়ালৈকে গোচৰটোৰ সন্দৰ্ভত ২০ জন লোকক সোধা-পোছা কৰিছে। তেওঁলোকৰ বেছিভাগেই শিক্ষাৰ্থী। লগতে সুৰক্ষা কৰ্মী আৰু হোষ্টেলৰ কৰ্মচাৰীও আছে।

অসমৰ তিনিচুকীয়াৰ বাসিন্দা ফাইজানৰ পিতৃ-মাতৃয়ে পুত্ৰৰ মৃতদেহ সংগ্ৰহ কৰিবলৈ অহাৰ সময়ত অভিযোগ কৰিছিল যে তেওঁলোকৰ পুত্ৰক হত্যা কৰা হৈছে। ফাইজানৰ দেউতাক চেলিম আহমেদ আৰু মাতৃ ৰেহানা আহমেদে ৩১ অক্টোবৰত তেওঁৰ পুত্ৰৰ মৃত্যুৰ চিআইডি তদন্ত বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আৱেদনত তেওঁলোকে কৈছিল যে ফাইজান তেওঁলোকৰ একমাত্ৰ সন্তান। তেওঁৰ কেনেকৈ মৃত্যু হৈছিল সেয়া অন্তত: চিআইডি, চিবিআই বা বিশেষ অনুসন্ধানকাৰী দলে তদন্ত কৰিব লাগে। কিয়নো তেওঁলোকৰ পুত্ৰৰ মৃত্যুৰ বহুতো প্ৰশ্নৰ উত্তৰ পোৱা হোৱা নাই। হয়তোবা তেওঁক হত্যাই কৰা হৈছিল।

লগতে পঢ়ক: টুইটাৰৰ পৰা তিনি হাজাৰৰো অধিক কৰ্মচাৰীক বিদায় দিব মাস্কে!

আদালতত তেওঁলোকৰ আবেদনত চেলিম আহমেদ আৰু ৰেহানা আহমেদে লগতে দাবী কৰিছে যে আৰক্ষীয়ে তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছিল যে ফাইজান মানসিকভাৱে অসুস্থ। তেওঁৰ আত্মহত্যাৰ আঁৰত আছে তেওঁৰ মানসিক ৰোগ। কাৰণ ফাইজানে এছিমিলেশ্যন কাৰ্যসূচীলৈ যাব বিচৰা নাছিল। উল্লেখ্য যে এয়া হৈছে আই আই টি খড়গপুৰৰ ৰেগিঙৰ পোছাকী নাম।

ইপিনে, কলকাতা উচ্চ ন্যায়ালয়ৰ তৰফৰ পৰা বৃহস্পতিবাৰে খড়গপুৰ টাউন আৰক্ষী থানাৰ পৰা কেছ ডায়েৰী খন তলব কৰিছে। আদালতে পশ্চিম মেদিনীপুৰৰ আৰক্ষী অধীক্ষকক এজন জ্যেষ্ঠ আৰক্ষী বিষয়াক তদন্ত সঠিকভাৱে চলি আছে নে নাই চাবলৈ নিৰ্দেশ দিয়ে।

লগতে পঢ়ক: চিৰিয়াখানাৰ পৰা পলাল পাঁচটা সিংহ: ঘোষণা কৰা হ’ল লক ডাউন

অহা বৃহস্পতিবাৰে পৰৱৰ্তী শুনানিৰ দিনা তদন্তকাৰী বিষয়া আৰু আৰক্ষী অধীক্ষকে নিযুক্ত কৰা জ্যেষ্ঠ বিষয়াজন আদালতত উপস্থিত থাকিব লাগিব। ভিচেৰা শীঘ্ৰেই পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিব লাগিব। মৃত ছাত্ৰজনৰ সৈতে শেষবাৰৰ বাবে ফোনত কথা পতা ব্যক্তিজনক বিচাৰি উলিয়াব লাগিব। যদি প্ৰয়োজন হয় সকলোৰে সাক্ষ্য আৰু গোপন জবানবন্দী ল’ব লাগিব। হোষ্টেলত চিচিটিভি কেমেৰা আছে নে নাই সেয়াও আৰক্ষীয়ে পৰীক্ষা কৰিব।

এন ই নাও নিউজ, কলকাতা

এন ই নাও নিউজ, কলকাতা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

July 1, 2026 12:42 pm
গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

July 1, 2026 10:22 am
এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

July 1, 2026 12:42 pm
গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

July 1, 2026 10:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd