NORTHEAST NOW (Assamese)
দেশ

এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে কঠোৰ আমেৰিকা! ১২১.৫ নিযুত আমেৰিকান ডলাৰ ৰিফাণ্ড পৰিশোধৰ নিৰ্দেশ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 16, 2022 6:58 am
Air India

দেশৰ আগশাৰীৰ বিমান পৰিবহন সেৱা তথা টাটা গোটৰ মালিকানাধীন এয়াৰ ইণ্ডিয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে আমেৰিকাই। দেশখনৰ বিমান পৰিবহন নীতিৰ আধাৰত ভাৰতীয় এয়াৰলাইনটোৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ জৰিমনা আৰোপ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই।

এয়াৰ ইণ্ডিয়াৰ যাত্ৰীসকলক বিমান বাতিল বা পৰিৱৰ্তনৰ বাবে ধন ঘূৰাই দিয়াত অত্যধিক বিলম্বৰ বাবে এয়াৰলাইনটোক জৰিমনা পৰিশোধ কৰিবলৈ নিৰ্দেশ দিছে আমেৰিকাই।

এই নিৰ্দেশ অনুসৰি যাত্ৰীক ধন ঘূৰাই দিয়াত বিলম্বৰ বাবে ১.৪ নিযুত আমেৰিকান ডলাৰ জৰিমনা হিচাপে আৰু ১২১.৫ নিযুত আমেৰিকান ডলাৰ ৰিফাণ্ড হিচাপে পৰিশোধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰিবহন বিভাগে এক বিবৃতিত উল্লেখ কৰা মতে বিশ্বৰ ৬ টা এয়াৰলাইনৰ ওপৰত আৰোপ কৰা মুঠ ৬০০ নিযুত আমেৰিকান ডলাৰৰ জৰিমনা এয়াৰলাইন কেইটাই ঘূৰাই দিবলৈ সন্মত হৈছে। ইয়াৰ ভিতৰত ভাৰতীয় এয়াৰলাইন এয়াৰ ইণ্ডিয়া অন্যতম।

এয়াৰ ইণ্ডিয়াৰ লগতে আমেৰিকাৰ পৰিবহণ বিভাগৰ নিৰ্দেশৰ আওতালৈ অহা আন ছয়টা এয়াৰলাইন হৈছে ক্ৰমে ফ্ৰণ্টিয়াৰ, টেপ পৰ্তুগাল, এৰ’ মেক্সিকো, ই.আই এ.আই আৰু এভিয়ানকা৷

উল্লেখ্য যে, আমেৰিকাৰ নীতি অনুসৰি বিমান বাতিল কৰিলে বা বিমানৰ সময় সলনি কৰিলে এয়াৰলাইনটোৱে আইনীভাৱে বিমানৰ টিকট ঘূৰাই দিব লাগিব৷

কিন্তু এয়াৰ ইণ্ডিয়াই ১৯,০০০ টা ৰিফাণ্ড অভিযোগৰ অৰ্ধাংশ অভিযোগ নিষ্পত্তি কৰোঁতেই ১০০ দিনতকৈ অধিক সময় লৈছিল। আনকি যাত্ৰীসকলক ধন ঘূৰাই দিয়াৰ নূন্যতম সময়ৰ তথ্য দিবলৈয়ো সক্ষম হোৱা নাই এয়াৰ ইণ্ডিয়া৷

ইফালে বিমানৰ বিলম্বৰ বাবে এয়াৰলাইনটোৰ গ্ৰাহকসকলো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে বুলি অভিযোগ উত্থাপিত হৈছে। এনে পৰিস্থিতিত আমেৰিকান পৰিবহন বিভাগক জৰিমনা আদায় দিবলৈ একপ্ৰকাৰৰ বাধ্য হৈ পৰিছে এয়াৰ ইণ্ডিয়া৷