NORTHEAST NOW (Assamese)
অসম

মাৰ্কিন সেনাৰ আৰ্হিত ভাৰতীয় সেনায়ো সীমান্তত স্থাপন কৰিব কম ওজনৰ থ্ৰি ডি বাংকাৰ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 16, 2022 8:37 am

কি অৰুণাচল, কি লাডাখ বা ছিকিম, সকলোতে এতিয়া চীনৰ সেনাই ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। পাকিস্তানী সন্ত্ৰীসবাদীয়ে উত্তপ্ত কৰি ৰখা কাশ্মীৰৰ কথাটো আছেই। এনে সময়তে সীমান্তত অতি সুৰক্ষিত বুলি প্ৰমাণিত নতুন প্ৰজন্মৰ থ্ৰি ডি বাংকাৰ নিৰ্মাণ কৰাৰ সিদ্ধান্ত লৈছে ভাৰতীয় সেনাই।

এনে বাংকাৰ সমূহৰ ওজন হ’ব তেনেই কম আৰু মাত্ৰ দুজন সেনাই এনে বাংকাৰ এঠাইৰ পৰা আন ঠাইলৈ লৈ যাব পাৰিব। ভাৰতীয় সেনাৰ শীৰ্। সূত্ৰই প্ৰকাশ কৰা মতে এনে বাংকাৰসমূহ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ (এলএচি) সীপতে নিৰ্মাণ কৰা হ’ব আৰু ইয়াত গোলাবাৰুদ সংৰক্ষণৰ বাবে  সুবিধা থাকিব।

এনে থ্ৰি ডি বাংকাৰসমূহ অহা বছৰৰ পৰা নিৰ্মাণ কৰিব।এনে বাংকাৰে যিকোনো আক্ৰমণ সহজে সহ্য কৰিব পৰা ধৰণৰ হ’ব।উল্লেখ্য কেইবছৰমানৰ পৰা আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই বাংকাৰ সৃষ্টি কৰিবলৈ ত্ৰিমাত্ৰিক প্ৰিণ্টাৰ ব্যৱহাৰ কৰি আহিছে।

সেনাই অৰুণাচল সীমান্তত ২,০০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ঘাইপথো নিৰ্মাণ কৰিব।ইয়াৰ বাবে ৪০,০০০ কোটি টকা খৰচ হ’ব।