NORTHEAST NOW (Assamese)
অসম

জখলাবন্ধাত জাবৰৰ দ’মত অচিনাক্ত অৰ্দ্ধগলিত মৃতদেহ উদ্ধাৰ

Posted by: ৰিদীপ শৰ্মা April 26, 2018 12:26 pm
কলিয়াবৰৰ জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ কলং সুঁতিৰ পাৰৰ জাবৰৰ দমত আজি পুৱা এটা অৰ্দ্ধগলিত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জখলাবন্ধাৰ মাজ মজিয়াৰ জাবৰৰ দ’মত পৰি থকা মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় লোকে জখলাবন্ধা আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ এক দলে ঘটনাস্থালীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।
বাতৰি লিখা সময় লৈকে মৃতদেহটোক আৰক্ষীয়ে চিনাক্ত কৰিব পৰা নায়। স্থানীয় লোকে অৰ্দ্ধগলিত মৃতদেহটো প্ৰত্যক্ষ কৰি ব্যক্তিজনক কোনো দুৰ্বৃত্তই হত্যা কৰি ইয়াত পেলাই থৈ গৈছে বুলি সন্দেহ কৰিছে।
অৱশ্যে এইটো হত্যাকাণ্ড নে  আত্মহত্যাৰ ঘটনা সেইয়া মৰোনত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব বুলি জখলাবন্ধা আৰক্ষীৰ এগৰাকী বিষয়াই আমাক জানিবলৈ দিয়ে।
বিষয়া গৰাকীয়ে মৃতদেহটোক ইতিমধ্যে মৰোনত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দি এই সম্পৰ্কত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে বুলি সদৰী কৰে।