NORTHEAST NOW (Assamese)
অসম

মন্ত্ৰিত্ব পোৱাত নৈতিকতাৰ ‘কথা নাই’; গুৰুত্বপূৰ্ণ পদবী ত্যাগ জ্যেষ্ঠ বিজেপি নেতা প্ৰশান্ত ফুকনৰ

Posted by: এন ই নাও নিউজ April 26, 2018 6:29 pm
PrashantaPhukan New BJP's must work as cadres, says MLA Prashanta Phukan bjp assam

মন্ত্ৰীসভা সম্প্ৰসাৰণৰ ক্ষেত্ৰত বিজেপিত ‘কনিষ্ঠ, জ্যেষ্ঠ, নীতি-নৈতিকতা এইবোৰৰ কোনো কথা নাই। জোৰ যাৰ মুলুক তাৰ। এইধৰণৰ কথাই যদি হয় আমাৰ নিচিনা মানুহ টিকি থকাটো অসম্ভৱ’ দুবছৰৰ মূৰত আজি ২৬ এপ্ৰিলত গুৱাহাটীত সোণোৱাল মন্ত্ৰীসভা নতুন সদস্যসকলৰ শপতগ্ৰহণ চলি থকা সময়তে ডিব্ৰুগড়ত এই বিস্ফোৰক মন্তব্য কৰিছে বিজেপি ( Assam BJP )ৰ জ্যেষ্ঠ নেতা প্ৰশান্ত ফুকনে।

মন্ত্ৰীসভা সম্প্ৰসাৰণৰ সমান্তৰালভাৱে অসম বিজেপিৰ পঞ্চায়ত নিৰ্বাচন ৰণকৌশল সমিতিৰ সভাপতি পদৰ লগতে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ অধ্যক্ষ পদো আজি ত্যাগ কৰিছে বিধায়ক ফুকনে।

‘ৰাজনীতিত মোৰ কোনো লবি নাই, লবি থকা হ’লে হয়তো আজি মন্ত্ৰিত্ব পালোহেঁতেন’ সংবাদ মাধ্যমৰ আগত দুখেৰে মন্তব্য কৰিছে ডিব্ৰুগড়ৰ পৰা তিনিবাৰকৈ নিৰ্বাচিত অসম বিজেপিৰ ‘পুৰণি’ নেতাজনে।

‘মন্ত্ৰিত্ব পোৱা মোৰ সহযোগী বিধায়কসকলক মই অভিনন্দন জনাইছো। মই তেওঁলোকৰ দৰে হয়তো যোগ্য নহওঁ, সেয়ে মই মন্ত্ৰিত্ব পোৱা নাই’ বুলিও তেওঁ মন্তব্য কৰে।

‘মোৰ যোগ্যতাৰ ওপৰত মোৰ নিজৰে সন্দেহ আছে। সেয়ে আজি পদত্যাগ কৰিছো’ বুলি মন্তব্য কৰা ফুকনে সংবাদ মাধ্যমক কয় যে ‘দলৰ ক্ষতি নহ’বলে’ পঞ্চায়ত নিৰ্বাচনৰ দায়িত্বৰ পৰা তেওঁ পদত্যাগ কৰিছে।

আনহাতে মন্ত্ৰিত্ব নোপোৱা বাবে দলত্যাগ কৰিব নেকি জানিব খোজাত ফুকনে ‘মই জন্ম হৈছো ভাৰতীয় জনতা পাৰ্টিত আৰু যিদিনালৈকে ৰাজনীতিত থাকিম। ৰাজনীতি যিদিনা এৰিম সেইদিনা ভাৰতীয় জনতা পাৰ্টি এৰিম’ বুলি জানিবলৈ দিয়ে।

মন্ত্ৰীসভা সম্প্ৰসাৰণৰ লগে লগেই বিজেপিত মন্ত্ৰিত্ব নোপোৱা আন জ্যেষ্ঠ নেতাৰো ক্ষোভৰ জুই জ্বলিছে বুলি জানিব পৰা গৈছে।