NORTHEAST NOW (Assamese)
অসম

শ্ৰদ্ধা ৱালকাৰ হত্যাকাণ্ডৰ অভিযুক্ত আফতাব আমিন পুনাৱালাক ১৩ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী November 26, 2022 8:19 pm

দিল্লীৰ এখন আদালতে শ্ৰদ্ধা ৱালকাৰ হত্যাকাণ্ডৰ অভিযুক্ত আফতাব আমিন পুনাৱালাক ১৩ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। শনিবাৰে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে আফতাবক দিল্লীৰ চাকেত জিলা আদালতত হাজিৰ কৰোৱা হৈছিল। বিচাৰকে তেওঁক ১৩ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিয়ে।

আৰক্ষীয়ে আদালতক এয়াও জনায় যে তেওঁৰ পুনৰ পলিগ্ৰাফ পৰীক্ষা কৰোৱা হ’ব।দিল্লীৰ শ্ৰদ্ধা হত্যাকাণ্ডই সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। হত্যাকাৰী প্ৰেমিক আফতাবে আৰক্ষীৰ সন্মুখত এতিয়াও মুখ খোলা নাই।আফতাফৰ ঘৰত উদ্ধাৰ হোৱা মানৱ অংগক লৈয়ো সন্দেহৰ সৃষ্টি হৈছে। সহজে মুখ খুলিব নিবিচৰা আফতাবৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে এতিয়া নাৰ্কো পৰীক্ষা কৰিব।

আৰক্ষীয়ে আদালতত এই সম্পৰ্কীয় আবেদন দাখিল কৰিছে। দিল্লীৰ ছাকেত আদালতে আৰক্ষীক অভিযুক্ত আফতাবৰ ওপৰত নাৰ্কো পৰীক্ষা কৰিবলৈ অনুমতি দিছে। নাৰ্কো পৰীক্ষা কৰাৰ আগতে অভিযুক্তজনক চিকিৎসাগতভাৱে পৰীক্ষা কৰা হয়। ইয়াৰ জৰিয়তে তেওঁ শাৰীৰিকভাৱে নাৰ্কো পৰীক্ষাৰ বাবে সাজু নে নাই সেয়া চাব পাৰিব। ইয়াক এটা অতি সংবেদনশীল পৰীক্ষা বুলি গণ্য কৰা হয়।

নাৰ্কো পৰীক্ষাত ছডিয়াম পেণ্টোথাল নামৰ এটা বেজী ব্যৱহাৰ কৰা হয়। ইয়াক ট্ৰুথ চিৰাম বুলিও কোৱা হয়। ছডিয়াম পেণ্টোথাল শৰীৰত প্ৰৱেশ কৰাৰ পিছত লোক এজনে চেতনা হ্ৰাস হ’বলৈ আৰম্ভ কৰে। লাহে লাহে লোকজনে জ্ঞান হেৰুৱাবলৈ ধৰিলে। তেওঁ এক অৰ্ধ-সচেতন অৱস্থাত উপনীত হয়। এনে পৰিস্থিতিত সকলোৱে সঁচা কথা কবলৈ আৰম্ভ কৰে। ফলস্বৰূপে, অনুসন্ধানকাৰীয়ে তেওঁৰ প্ৰশ্নবোৰৰ সঠিক উত্তৰ পায়।

যিকোনো অভিযুক্তৰ নাৰ্কো পৰীক্ষা কেৱল মনোবিজ্ঞানীৰ তত্বাৱধানত কৰা হয়। এই সময়ছোৱাত ফৰেনচিক বিশেষজ্ঞ বা অনুসন্ধানকাৰী বিষয়া উপস্থিত থাকে। ৰোগীক বেজী দিয়াৰ পিছত জেৰা প্ৰক্ৰিয়া আৰম্ভ কৰা হয়। এনে ক্ষেত্ৰত মনোবিজ্ঞানী এজনৰ নিৰ্দেশনা গুৰুত্বপূৰ্ণ। বিশেষজ্ঞসকলে বিশ্বাস কৰে যে এনে পৰীক্ষাই অপৰাধীৰ মুখৰ পৰা সত্য প্ৰকাশ কৰাৰ সম্ভাৱনা অধিক