NORTHEAST NOW (Assamese)
দেশ

যাত্ৰাপথতে ইন্ধন শেষ হ’ল চিকিৎসালয় অভিমুখী এম্বুলেন্সত: শোকাৱহভাৱে মৃত্যুক সাবটিলে ৰোগীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 26, 2022 9:35 pm
Patient Dies After Ambulance Runs Out Of Fuel

শনিবাৰে ৰাজস্থানৰ বনছোৱাৰা জিলাত চিকিৎসালয় অভিমুখে যাত্ৰাৰ সময়তে এখন এম্বুলেন্সৰ ইন্ধন শেষ হোৱাৰ ফলত শোকাৱহভাৱে মৃত্যুক সাবটিবলগীয়া হয় এগৰাকী ৰোগীয়ে।

এই চাঞ্চল্যকৰ ঘটনাই ৰাজ্যখনত তুমুল বিতৰ্কৰ সৃষ্টি কৰাৰ পিছতে তদন্ত ঘোষণা কৰা হয়। স্থানীয় বনস্বৰাৰ মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ বি পি ভাৰ্মাই এই ঘটনাৰ তদন্ত চলি আছে বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে।

ৰাজ্যৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী প্ৰতাপ খাচাৰিয়াৱাছে ৰাজ্য চৰকাৰে এই ঘটনাৰ দায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে।

ইতিমধ্যে এই ঘটনাৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত ৰোগীগৰাকীৰ আত্মীয়ই সোনকালে ৰোগীগৰাকীক চিকিৎসালযয়ত উপস্থিত কৰোৱাৰ চেষ্টাত এম্বুলেন্সখন ঠেলি দিয়া দেখা গৈছে।

এই সন্দৰ্ভত চিকিৎসা বিষয়া গৰাকীয়ে কয় ইতিমধ্যে তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে ভুক্তভোগীৰ আত্মীয়ক সাক্ষাৎ কৰি স্বাস্থ্যসেৱাৰ কোনো গাফিলতি হৈছিল নেকি জানিবলৈ চেষ্টা কৰা হ’ব বুলি উল্লেখ কৰে।

বিষয়া গৰাকীয়ে লগতে জানিবলৈ দিয়া মতে, ৰোগীগৰাকী কঢ়িয়াই নিয়া এম্বুলেন্সখন ব্যক্তিগত মালিকানাধীন আছিল আৰু সেয়ে এম্বুলেন্সখনৰ ইন্ধন শেষ হ’লে ৰাজ্যৰ স্বাস্থ্যসেৱা ব্যৱস্থাৰ দোষ নহয় বুলি স্পষ্টীকৰণ দিয়ে।

ইফালে মন্ত্ৰীগৰাকীয়ে প্ৰতাপ খাচাৰিয়াৱাছে কয় যে ৰাজ্য চৰকাৰে ব্যক্তিগত চিকিৎসালয়ত ৰোগীক বিনামূলীয়া চিকিৎসা প্ৰদান কৰে।

“ব্যক্তিগত এম্বুলেন্সৰ ইন্ধন শেষ হৈ ৰোগীৰ মৃত্যু হ’লে দোষ স্বাস্থ্যসেৱা ব্যৱস্থাৰ নহয়, এম্বুলেন্স সেৱা পৰিচালনাৰ ওপৰত। আমি ঘটনাৰ বাবে দায়ীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম।”— তেওঁ লগতে কয়।