NORTHEAST NOW (Assamese)
অসম

আৰক্ষীৰ জালত পৰিল আন এক ‘ৱাণ্টেড’ গঁড় চিকাৰী: বিশ্বনাথত গ্ৰেপ্তাৰ কৰিলে পলাতক চোৰাং চিকাৰীক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 17, 2022 9:22 pm
rhino poacher arrested

ৰাজ্যৰ গৌৰৱ এশিঙীয়া গঁড়ৰ চোৰাং চিকাৰত জড়িত আন এগৰাকী ‘ৱাণ্টেড’ চোৰাং চিকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী। আজি বিশ্বনাথ জিলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আন এক পলাতক ‘ৱাণ্টেড’ গঁড় চিকাৰীক।

বিশ্বনাথ আৰু বঙাইগাঁও আৰক্ষীয়ে এক যুটীয়া অভিযানৰ অন্তত আজি অভিযুক্ত গঁড় চিকাৰীগৰাকীক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।

অভিযানকাৰী আৰক্ষীৰ দলটোৱে অভিযানৰ অন্তত বিশ্বনাথৰ ভিল নং ১ আদাভেটিৰ আতাউৰ ৰহমান ওৰফে বাছা নামৰ চোৰাং চিকাৰীগৰাকীক গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে।

এক টুইট যোগে ৰাজ্যৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (আইন-শৃংখলা) জিপি সিঙে এই কথা সদৰী কৰিছে।

ইতিপূৰ্বে আব্দুল মতিন নামৰ আন এগৰাকী ‘ম’ষ্ট ৱাণ্টেড’ গঁড় চিকাৰীক প্ৰায় এবছৰৰ তালাচীৰ অন্তত অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

দৰং জিলাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল পলাতক মতিনক। আব্দুল মতিন জানুৱাৰী মাহত কাজিৰঙাত সংঘটিত গঁড় চিকাৰৰ অন্যতম মূল অভিযুক্ত আছিল বুলি অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে জানিবলৈ দিছিল।

মতিনৰ লগতে আন দুগৰাকী পলাতক ব্যক্তি সন্দৰ্ভত তথ্য যোগান ধৰিব পাৰিলে ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল অসম আৰক্ষীয়ে।

জানুৱাৰী মাহত সংঘটিত এই চোৰাং চিকাৰৰ পিছতে চোৰাং চিকাৰ বিৰোধী ইউনিটৰ অংশ হিচাপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অসম আৰক্ষীৰ কমাণ্ডো বাহিনী মোতায়েন কৰা হৈছিল।