NORTHEAST NOW (Assamese)
অসম

২০০৬ চনৰ পৰা ৯৭ টা পোহনীয়া হাতী প্ৰেৰণ কৰা হৈছে আন ৰাজ্যলৈ; বিধানসভাত জনালে চৰকাৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 22, 2022 7:16 pm

বৃহস্পতিবাৰে অসম চৰকাৰে বিধানসভাত জানিবলৈ দিয়ে যে ২০০৬ চনৰ পৰা ৯৭ টা পোহনীয়া হাতী আন ৰাজ্যলৈ প্ৰেৰণ কৰা হৈছে।

চলিত শীতকালীন অধিৱেশনত বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াৰ এক প্ৰশ্নৰ উত্তৰত পৰিৱেশ আৰু বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে জনায় যে বন বিষয়াসকলৰ পৰা অনুমোদন লাভ কৰাৰ পিছত হাতীসমূহ প্ৰেৰণ কৰা হৈছিল।

পাটোৱাৰীয়ে দাঙি ধৰা নথিত কোৱা হৈছে যে ইয়াৰে ৫৭ টা হাতী বিহাৰলৈ প্ৰেৰণ কৰা হৈছে। আনহাতে, আনবোৰ পশ্চিম বংগ, উত্তৰ প্ৰদেশ, গুজৰাট, অন্ধ্ৰ প্ৰদেশ, তামিলনাডু, কৰ্ণাটক আৰু উৰিষ্যাকে ধৰি আন ৰাজ্যলৈ স্থানান্তৰিত কৰা হৈছে।

লগতে পঢ়ক: অৰুণাচল প্ৰদেশত আটক আলফা (স্বাধীন) উগ্ৰপন্থী

কিছুমান হাতীৰ স্থানান্তৰৰ কাৰণ হিচাপে যদিও ধৰ্মীয় উদ্দেশ্য উল্লেখ কৰা হৈছে তথ্যবোৰে কিন্তু আন বেছিভাগ হাতী কিয় আন ৰাজ্যলৈ স্থানান্তৰ কৰা হৈছে সেয়া দেখুওৱা নাই।

তথ্যসমূহে দেখুৱাইছে যে বেছিভাগ হাতী ডুমডুমা বন সংমণ্ডলৰ পৰা স্থানান্তৰিত কৰা হৈছে।