NORTHEAST NOW (Assamese)
Popular Stories

ভাতৃ প্ৰিন্স এণ্ড্ৰিউক চিৰদিনৰ বাবে ৰাজপ্ৰাসাদত নিষিদ্ধ কৰিলে ৰজা তৃতীয় চাৰ্লছে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 24, 2022 3:05 pm

অৱশেষত ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছে তেওঁৰ ভাতৃ প্ৰিন্স এণ্ড্ৰিউক বাকিংহাম পেলেচৰ পৰা চিৰদিনৰ বাবে বিদায় জনায়। যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত ৬২ বছৰীয়া প্ৰিন্স এণ্ড্ৰিউৱে চলিত বছৰৰ জানুৱাৰীত তেওঁৰ ৰাজকীয় উপাধি হেৰুৱাইছিল।

মানৱ সৰবৰাহৰ অভিযোগত অভিযুক্ত জেফ্ৰি এপষ্টাইন আৰু জিছলেইন মেক্সৱেলৰ সৈতে সম্পৰ্কৰ বাবে এণ্ড্ৰিউক তিনি বছৰ আগতে ব্ৰিটিছ ৰাজপৰিয়ালৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য কৰা হৈছিল।

লগতে পঢ়ক: শোভৰাজক ফ্ৰান্সলৈ প্ৰেৰণ কৰিলে নেপালে; ‘চিৰিয়েল কিলাৰ’ৰ ওপৰত ১০ বছৰৰ নিষেধাজ্ঞা

অৱশ্যে, প্ৰিন্স এণ্ড্ৰিউৱে সদায় তেওঁৰ বিৰুদ্ধে থকা অভিযোগ অস্বীকাৰ কৰি আহিছে। ব্ৰিটিছ সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, এতিয়াৰে পৰা ৰাজকীয় প্ৰাসাদত প্ৰিন্স এণ্ড্ৰিউৰ বাবে কোনো ঘৰ বা কাৰ্যালয় নাথাকিব। 

জানিব পৰা মতে প্ৰয়াত ৰাণী এলিজাবেথে তেওঁৰ পুত্ৰ এণ্ড্ৰিউক ৰাজপ্ৰাসাদ ব্যৱহাৰৰ অলিখিত অনুমোদন দিছিল। আনকি ২০২০ চনত ৰাজপৰিয়ালৰ পৰা পদত্যাগ কৰাৰ পাছতো প্ৰিন্স এণ্ড্ৰিউৱে সীমিত সংখ্যক কৰ্মচাৰীৰ সৈতে ৰাজপ্ৰাসাদত নিজৰ পদ বজাই ৰাখিছিল। কিন্তু এইবাৰ ৰজা চাৰ্লছে তেওঁৰ ভাতৃক ৰাজপ্ৰাসাদৰ পৰা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিলে।

যোৱা ৮ ছেপ্টেম্বৰত ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ তৃতীয় চাৰ্লছে ব্ৰিটেইনৰ ৰজা হিচাপে দায়িত্ব গ্ৰহণ কৰে। ৰাণীৰ স্বামী প্ৰিন্স ফিলিপৰ ২০২১ চনত ৯৯ বছৰ বয়সত মৃত্যু হয়। ৰাণী দ্বিতীয় এলিজাবেথ আৰু ৰাজকুমাৰ ফিলিপৰ চাৰিটা সন্তান আছে। তেওঁলোক হ’ল – চাৰ্লছ তৃতীয়, ৰাজকুমাৰী এনি, প্ৰিন্স এণ্ড্ৰিউ আৰু প্ৰিন্স এডৱাৰ্ড।

লগতে পঢ়ক: অ’মিক্ৰন চাব-ভেৰিয়েণ্টৰ প্ৰকোপত দিশহাৰা চীন; এদিনতে আক্ৰান্ত ৩কোটি ৭০ লাখ লোক

উল্লেখ্য যে এণ্ড্ৰিউক তেওঁৰ মাতৃৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে সামৰিক আৰু ৰাজকীয় কাপোৰ পিন্ধিবলৈ অনুমতি দিয়া হোৱা নাছিল। ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ  পিছতেই ৰজা তৃতীয় চাৰ্লছে তেওঁৰ ভাতৃ এণ্ড্ৰিউক জনাইছিল যে তেওঁ পুনৰ কেতিয়াও ৰাজপৰিয়াললৈ ঘূৰি আহিব নোৱাৰিব। যোৱা মাহত ৰজাই তেওঁৰ ভাতৃৰ নিৰাপত্তাও উঠাই লৈছিল।