NORTHEAST NOW (Assamese)
মণিপুৰ

মণিপুৰত উত্তপ্ত পৰিস্থিতি: আৰক্ষী জোৱানৰ গুলীত মহিলাৰ মৃত্যুৰ অভিযোগ তুলি ক্ষুব্ধ জনতাই জ্বলাই দিলে আৰক্ষী থানা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 24, 2022 4:03 pm
Mob sets police station on fire in Manipur

চুবুৰীয়া ৰাজ্য মণিপুৰৰ কাকচিং জিলাত শুকুৰবাৰে নিশা বিৰাজমান হয় এক উত্তপ্ত পৰিস্থিতিৰ। জিলাখনৰ পল্লেলত এগৰাকী আৰক্ষী জোৱানে স্থানীয় এগৰাকী মহিলাক গুলীয়াই হত্যা কৰাৰ অভিযোগ তুলি ক্ষুব্ধ জনতাই অগ্নিসংযোগ কৰে থানাত। এই অগ্নিকাণ্ডৰ ফলত ৩ গৰাকী আৰক্ষী জোৱান গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে।

ক্ষুব্ধ ৰাইজে অভিযুক্ত আৰক্ষী জোৱানগৰাকীক তেওঁলোকৰ হাতত গতাই দিবলৈ দাবী জনাই পৰিস্থিতি উত্তাল কৰি তোলাৰ পাছত প্ৰতিবাদী জনতাক নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰিবলগীয়া হয় বুলি জানিব পৰা গৈছে।

আনহাতে হত্যাত অভিযুক্ত কংখাম বীৰজিত নামৰ মণিপুৰ আৰক্ষীৰ জোৱানগৰাকী অপৰাধ সংঘটিত কৰাৰ পিছৰে পৰা পলাতক হৈ আছে বুলি আজি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

পল্লেল থানাত কৰ্মৰত বীৰজিতে শুকুৰবাৰে নিশা প্ৰায় ৯.২০ বজাত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী মইৰাংথেম অংবি জেম দেৱী নামৰ এজন মহিলাগৰাকীক পল্লেল মানিং লেইকাইৰ এখন দোকানৰ সন্মুখত গুলীয়াই হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছে।

মহিলাগৰাকীক হত্যা কৰাৰ পাছতে বীৰজিতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। ইফালে হত্যাকাণ্ডৰ পাছতে পল্লেল বজাৰ আৰু অঞ্চলটোৰ কাষৰীয়া স্থানীয় ৰাইজে নিশা পল্লেল থানাত সমবেত হৈ হত্যাকাৰীক তেওঁলোকৰ হাতত গতাই দিবলৈ দাবী জনায়।

এই দাবী পূৰণ নকৰাৰ পিছতে ক্ষুব্ধ জনসাধাৰণে পল্লেল থানাত জুই লগাই দিয়ে। সূত্ৰ অনুসৰি, উত্তেজিত জনতাক নিয়ন্ত্ৰণৰ বাবে জিলাখনৰ আন থানা আৰু আউটপোষ্টৰ পৰা অতিৰিক্ত আৰক্ষী বাহিনী পল্লেল থানালৈ মাতি আনে আৰু কন্দুৱা গেছ প্ৰয়োগ কৰি উত্তেজিত লোকসকলক ছত্ৰভংগ দিয়ায়।

থানাত অগ্নিসংযোগৰ পাছতে কাকচিং জিলাৰ পৰা ততাতৈয়াকৈ তিনিখন অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হয় আৰু তাৎক্ষণিকভাৱে জুই নিয়ন্ত্ৰণত নামি পৰে যদিও অগ্নিকাণ্ডৰ ফলত পুৰণি থানাখনৰ প্ৰায় ৬০ শতাংশ ধ্বংস হয়।

ইফালে, আজি মহিলাগৰাকীৰ হত্যাৰ তদন্তৰ বাবে এক যুটীয়া তদন্ত সমিতি গঠন কৰা হৈছে। আনহাতে অভিযুক্ত বীৰজিতক চাকৰিৰ পৰা তৎকালীনভাৱে নিলম্বন কৰিবলৈ, ভুক্তভোগীৰ আত্মীয়ক ২০ লাখ টকাৰ সাহায্য প্ৰদান কৰিবলৈ আৰু লগতে আত্মীয়ক উপযুক্ত চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও দাখিল কৰা হৈছে।