NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত গ’লফ ক্ৰীড়াৰ জাগৰণৰ লক্ষ্য: ৮ জানুৱাৰীত দ্বিতীয় বৰভাগ গ’লফ প্ৰতিযোগিতা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 6, 2023 2:21 pm
Borbhag golf competition

অসমত গ’লফৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ৮ জানুৱাৰীত তেজপুৰৰ সেনা গ’লফ কোৰ্চত অনুষ্ঠিত হ’ব দ্বিতীয় বৰভাগ গ’লফ প্ৰতিযোগিতা।

উল্লেখ্য যে অসমত গ’লফৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ইতিহাসত প্ৰথমবাৰৰ বাবে ভাৰতীয় সেনাই নন-আৰ্মি গ’লফ প্ৰতিযোগিতাৰ বাবে সেনাৰ গ’লফ খেলপথাৰ মুকলি কৰিছে।

বৰভাগ ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত হৈছে এই সন্মানীয় প্ৰতিযোগিতা। সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ পৰা সাতটা ভিন্ন গ’লফ ক্লাবৰ পৰা মুঠ ১০০ জন গ’লফাৰে অংশগ্ৰহণ কৰিছে এই দিনজোৰা প্ৰতিযোগিতাত।

প্ৰতিযোগিতাৰ আয়োজক অনিৰুদ্ধ গোস্বামীয়ে জনোৱা অনুসৰি দ্বিতীয় বাৰৰ বাবে অনুষ্ঠিত হ’ব লগা এই প্ৰতিযোগিতাত উত্তৰ পূৰ্বাঞ্চলৰ মুঠ ৭ টা গ’লফ ক্লাবে অংশগ্ৰহণ কৰিব।

প্ৰতিযোগিতাখনত ভাগ ল’বলগীয়া ক্লাবকেইটা হৈছে ক্ৰমে গুৱাহাটী ৰে’লৱে, গুৱাহাটী ৰেপটা, অ’এনজিচি নাজিৰা, ডিমাপুৰ ক্লাব, তেজপুৰ জিটিএ ক্লাব, যোৰহাট জিমখানা ক্লাব আৰু মিছা প’ল’ ক্লাবে।

প্ৰতিযোগিতা সম্পৰ্কে মন্তব্য কৰি অনিৰুদ্ধ গোস্বামীয়ে কয় যে গ’লফ এতিয়া অলিম্পিকত অন্তৰ্ভুক্ত হোৱা খেল। সেয়ে উত্তৰ পূৰ্বাঞ্চলত গ’লফ খেলৰ জনপ্ৰিয়তা বৃদ্ধি কৰাটো বৰভাগ কাপৰ মূল উদেশ্য বুলি তেওঁ মন্তব্য কৰে।

উল্লেখ্য যে ২০২১ চনৰ ৩ জানুৱাৰীত অসমৰ মিছা পলো ক্লাবৰ প্ৰাংগনত প্ৰথমবাৰৰ বাবে বৰভাগ কাপ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

৭টা দলে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত মনোৰঞ্জন তালুকদাৰ, এইচ ধালিয়াল, চন্দন শইকীয়া, সঞ্জয় গাৰ্গ, জাকিৰ হুছেইনৰ দ্বাৰা গঠিত মিছা পলো ক্লাবে যোৰহাটৰ জিমখানাক পৰাজিত কৰি চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল।