NORTHEAST NOW (Assamese)
দেশ

দুৰ্ঘটনাত পতিত প্ৰশিক্ষণ বিমান: নিহত প্ৰশিক্ষাৰ্থী পাইলট

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 6, 2023 3:47 pm
Training Aircraft Crash In MP

মধ্যপ্ৰদেশত যোৱা নিশা সংঘটিত এক শোকাৱহ দুৰ্ঘটনাত পতিত হৈছে এখন প্ৰশিক্ষণ বিমান। এই শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় বিমানখনৰ প্ৰশিক্ষাৰ্থী পাইলটগৰাকীয়ে। ৰাজধানী চহৰ ভূপালৰ পৰা ৪০০ কিলোমিটাৰ নিলগৰ ৰেৱা জিলাত সংঘটিত হয় এই দুৰ্ঘটনা।

বৃহস্পতিবাৰে নিশা প্ৰায় ১১.৩০ বজাত এই দুৰ্ঘটনা সংঘটিত হয়। স্থানীয় চোৰহাটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে, চোৰহাটা বিমানবন্দৰৰ পৰা তিনি কিলোমিটাৰ দূৰত্বত প্ৰশিক্ষণৰ সময়ত এক মন্দিৰ আৰু গছত খুন্দা মৰাৰ ফলত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।

এই দুৰ্ঘটনাত কেপ্তেইন বিশাল যাদৱ (৩০) নিহত হোৱাৰ বিপৰীতে প্ৰশিক্ষাৰ্থী পাইলট অংশুল যাদৱ আঘাতপ্ৰাপ্ত হয়। আহত যাদৱক সঞ্জয় গান্ধী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুলি বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে।

ৰেৱাৰ প্ৰশাসনিক বিষয়া আৰু জিলাখনৰ আৰক্ষী অধীক্ষক ঘটনাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতিৰ বুজ লয়।

দুৰ্ঘটনাগ্ৰস্ত বিমানখন ‘ফেলকন এভিয়েচন একাডেমী’ নামৰ এক ব্যক্তিগত সংস্থাৰ আছিল বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত অৱশ্যে কোনো স্থানীয় লোক হতাহত হোৱাৰ খবৰ এইপৰ্যন্ত লাভ কৰা নাই।