NORTHEAST NOW (Assamese)
দেশ

এয়াৰ ইণ্ডিয়াৰ বিমানৰ ‘প্ৰস্ৰাৱ কাণ্ড’: সহযাত্ৰী মহিলাৰ গাত প্ৰস্ৰাৱ কৰা অভিযুক্ত শংকৰ মিশ্ৰক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 7, 2023 9:31 pm
Air India urinate case

এয়াৰ ইণ্ডিয়াৰ বিমানত এগৰাকী মহিলা সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰাৰ অভিযোগত অভিযুক্ত শংকৰ মিশ্ৰক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ঘটনা পোহৰলৈ অহাৰ পাছৰে পৰা পলাতক হৈ থকা মিশ্ৰৰ ফোনৰ স্থান বিচাৰি উলিওৱাৰ পিছত তেওঁক আজি দিল্লী আৰক্ষীয়ে বেংগালুৰুৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

দিল্লীৰ পাটিয়ালা হাউচ আদালতে মিশ্ৰক ২১ জানুৱাৰীলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আৰু তেওঁৰ জামিনৰ শুনানি ১১ জানুৱাৰীত হ’ব বুলি উল্লেখ কৰে।

আৰক্ষীয়ে তিনিদিনৰ বাবে মিশ্ৰক জিম্মাত বিচাৰি আবেদন জনাইছিল যদিও আদালতে এই আবেদন অস্বীকাৰ কৰি উপযুক্ত কাৰণ অবিহনে আৰক্ষীৰ জিম্মা মঞ্জুৰ কৰিব নোৱাৰি বুলি উল্লেখ কৰে।

মিশ্ৰই এয়াৰ ইণ্ডিয়াৰ বিমানখনৰ দুজন কেপ্টেইন আৰু তিনিজন কেবিন ক্ৰুক শেহতীয়াকৈ ফোন কৰি আছিল আৰু তেওঁলোককো জেৰা কৰিব লাগিব বুলি আৰক্ষীয়ে আদালতৰ সন্মুখত জানিবলৈ দিয়ে।

উল্লেখ্য যে, এয়াৰ ইণ্ডিয়াৰ নিউয়ৰ্কৰ পৰা দিল্লী অভিমুখী বিমানত সহযাত্ৰী মহিলাৰ গাত প্ৰস্ৰাৱ কৰাৰ বাবে অভিযুক্ত শংকৰ মিশ্ৰক আজি দিল্লী আৰক্ষীয়ে বাংগালুৰুৰ পৰা গ্ৰেপ্তাৰ কৰিছিল।

অভিযুক্ত যাত্ৰী শংকৰ মিশ্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বহুজাতিক বিত্তীয় প্ৰতিষ্ঠানৰ ভাৰতৰ ভাইচ প্ৰেছিডেন্ট আছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানীটোৱে তেওঁক কালি চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল।

যোৱা বছৰৰ ২৬ নৱেম্বৰত শংকৰে এয়াৰ ইণ্ডিয়াৰ নিউয়ৰ্ক-দিল্লী বিমানৰ বাণিজ্যিক শ্ৰেণীত সুৰাপান কৰি থকা অৱস্থাত এগৰাকী মহিলা সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰিছিল। মহিলা যাত্ৰীগৰাকীৰ বয়স ৭০ বছৰ।

দিল্লী আৰক্ষীয়ে বৃহস্পতিবাৰে সংশ্লিষ্ট কৰ্তৃপক্ষক শংকৰৰ বিৰুদ্ধে লুক-আউট নটিছ জাৰি কৰিবলৈ আহ্বান জনায়। এয়াৰ ইণ্ডিয়াৰ ওচৰত মহিলাগৰাকীয়ে দাখিল কৰা অভিযোগৰ ভিত্তিত শংকৰৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছিল।

শংকৰ মিশ্ৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৫৪, ২৯৪, ৫০৯, ৫১০ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। যদি তেওঁৰ বিৰুদ্ধে থকা অভিযোগবোৰ সঁচা বুলি প্ৰমাণিত হয় তেন্তে শংকৰৰ তিনি বছৰ পৰ্যন্ত কাৰাবাস হ’ব পাৰে।