NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী IIT ত পুনৰ উদ্ধাৰ বহি: ৰাজ্যৰ ছাত্ৰৰ মৃতদেহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 10, 2023 3:38 pm
Guwahati IIT

গুৱাহাটী IIT ত পুনৰ ৰহস্যজনকভাৱে মৃত্যু ঘটিছে বহিঃৰাজ্যৰ ছাত্ৰৰ। মৃত শিক্ষাৰ্থীগৰাকীক মহাৰাষ্ট্ৰৰ নাগপুৰৰ হৃত্বিক সঞ্জয় ভবানী বুলি চিনাক্ত কৰা হৈছে।

মৃত হৃত্বিক সঞ্জয় ভবানী বি টেকৰ চূড়ান্ত বৰ্ষত অধ্যয়ন কৰি আছিল। শিক্ষা প্রতিষ্ঠানখনৰ দিহিং হোষ্টেলত সংঘটিত হৈছে এই ঘটনা।

আইআইটি কৰ্তৃপক্ষৰ পৰা খবৰ লাভ কৰাৰ পিছত আমিনগাঁও আৰক্ষীয়ে দিহিং হোষ্টেলৰ নিজ কোঠাত হৃত্বিক সঞ্জয় ভবানীৰ মৃতদেহ উদ্ধাৰ কৰে।

ছাত্ৰগৰাকীৰ মৃত্যুৰ কাৰণ এই পর্যন্ত জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে হৃদক্রিয়া বন্ধ হৈ মৃত্যু হোৱাৰ আশংকা কৰিছে।

অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পাছতহে মৃত্যুৰ কাৰণ জানিব পৰা যাব বুলি আৰক্ষীয়ে উল্লেখ কৰিছে।