NORTHEAST NOW (Assamese)
Popular Stories

ৰাস্তাত পেলালে জলন্ত চিগাৰেটৰ টুকুৰা: আদালতে বিহিলে ৫৫ হাজাৰ টকাৰ জৰিমনা!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 17, 2023 4:13 pm

ধুম্ৰপায়ীসকলৰ বাবে জলন্ত চিগাৰেটৰ অৱশিষ্ট অংশটো বাটে-ঘাটে পেলাই দিয়াটো তেনেই সাধাৰণ ঘটনা। পৃথিৱীৰ প্ৰায়বোৰ দেশতে এনে ঘটনা সাধাৰণ বুলিবই পৰি। আমাৰ দেশ ভাৰততো এই ঘটনা তেনেই সাধাৰণ।

বিশ্বৰ বিভিন্ন দেশত এই ঘটনা সাধাৰণ হ’লেও ইউৰোপৰ কিছুমান দেশত কিন্তু ভবাধৰণে ই সাধাৰণ হৈ থকা নাই। ইউৰোপৰ কিছুমান দেশত ৰাজহুৱা স্থানত ধূমপান কৰিলে জৰিমনা বিহাৰ দস্তুৰ আছে। ইয়াৰ মাজতে ইউৰোপৰ এখন দেশৰ এজন ধূম্ৰপায়ী ধূমপান কৰাৰ পাছত চিগাৰেটৰ জলন্ত টুকুৰাটো পেলাই বিশাল অংকৰ ধন জৰিমনা ভৰিব লগীয়া হৈছে।

লগতে পঢ়ক: নিসংগতাত ভুগিছে কিম জং-উন! টেটুলৈকে মদ গিলি দিনে-ৰাতি হেনো কৰিছে কন্দাকটা

ঘটনাটো গ্ৰেট ব্ৰিটেইনৰ। ব্ৰিটিছ সংবাদ পত্ৰ “মেট্ৰ’ নিউজ’’ৰ বাতৰি অনুসৰি যোৱা ১৭ আগষ্টত ইংলেণ্ডৰ গ্ল’চেষ্টাৰশ্বাৰৰ বাসিন্দা এলেক্স জেভিছে থৰ্নবেৰী হাই ষ্ট্ৰীষ্টত থিয় হৈ ধূমপান কৰি আছিল। এলেক্সে ধূমপান কৰি চিগাৰেটৰ শেষ অংশটো ৰাস্তালৈ দলিয়াই দি খোজকাঢ়ি আঁতৰি যায়।

ইয়াৰ পাছতে পেনাল্টি জাননীক আওকাণ কৰাৰ অভিযোগত চাউথ গ্ল’চেষ্টাৰশ্বাইৰ কাউন্সিলে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে। বিষয়টো আদালতৰ মজিয়াত পায়গৈ। আদালতে তেওঁক প্ৰথমাৱস্থাত জৰিমনা দিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে ব্ৰিটেইনত এনে ধৰণৰ কাণ্ডৰ জৰিমনা হৈছে ১৫ হাজাৰ টকা। কিন্তু তেওঁ সেই জৰিমনা দিবলৈ ইচ্ছুক হোৱা নাছিল। ইয়াৰ পাছতে এতিয়া এলেক্সক আদালতে ১৫ হাজাৰ পৰিৱৰ্তে জৰিমনা বিহে ৫৫ হাজাৰ টকাৰ। ব্ৰিষ্টল আদালতে এলেক্সক ১৫ হাজাৰ টকাৰ লগতে “ভিক্টিম চাৰচাৰ্জ” দিবলৈ নিৰ্দেশ দিছে।

লগতে পঢ়ক: ৰাজ্য চৰকাৰৰ ‘জ্যোতি স্মৰণ’ৰ কৃপাত জ্যোতিপ্ৰসাদৰ ন-জন্ম পঞ্জিকা

বহু ধূম্ৰপায়ীৰ চিগাৰেটৰ টুকুৰা য’তে ত’তে পেলোৱাৰ বদঅভ্যাস আছে। ই পৰিৱেশৰ বাবে অতি ক্ষতিকাৰক। প্ৰকাশিত তথ্যৰ মতে ৰাস্তাত এইদৰে পেলাই দিয়া চিগাৰেটৰ টুকুৰাবোৰত এনে পদাৰ্থ থাকে যিবোৰ পচিবলৈ ১৮ মাহৰ পৰা ১০ বছৰ সময় লাগে।

ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কাৰ্যসূচী (UNEP)ৰ মতে, সমগ্ৰ বিশ্বতে আৱৰ্জনাসমূহৰ অন্যতম মূল উৎস হ’ল চিগাৰেটৰ টুকুৰা। বিশ্বৰ ১ বিলিয়ন ধূম্ৰপায়ীৰ বাবে প্ৰতি বছৰে ৬ লাখ কোটি চিগাৰেট উৎপাদন কৰা হয়। ইয়াৰ পেলনীয়া টুকুৰাৰ পৰা বছৰি ৭৬.৬৬ কোটি কিলোগ্ৰাম বিষাক্ত আৱৰ্জনা উৎপন্ন হয়।

লগতে পঢ়ক: বিদ্ৰোহী সংগঠনৰ আক্ৰমণত নিহত ৬০ জন সেনা জোৱান

পৰিৱেশবিদসকলে কয় যে চিগাৰেটৰ ফিল্টাৰত চেলুল’জ এচিটেট আঁহ থাকে। সঠিকভাৱে নিষ্কাশন নকৰিলে সূৰ্যৰ পোহৰ বা আৰ্দ্ৰতাৰ প্ৰভাৱত ইয়াৰ পৰা মাইক্ৰ’প্লাষ্টিক, গধুৰ ধাতুকে ধৰি বিভিন্ন ৰাসায়নিক পদাৰ্থ নিৰ্গত হয়, যিবোৰ পৰিৱেশ আৰু স্বাস্থ্যৰ বাবে ক্ষতিকাৰক।