• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্য চৰকাৰৰ ‘জ্যোতি স্মৰণ’ৰ কৃপাত জ্যোতিপ্ৰসাদৰ ন-জন্ম পঞ্জিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 17, 2023 3:50 pm
Jyoti Prasad Agarwala
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি শিল্পী দিৱস। ৰাজ্যজুৰি স্মৰণ কৰা হৈছে সুন্দৰৰ পূজাৰী, ৰূপান্তৰৰ বাহক জ্যোতিপ্ৰসাদ আগৰৱালাক। অসমীয়া সমাজ-সংস্কৃতিৰ চিৰ প্ৰবাহমান ধাৰাত প্ৰাণ সঞ্চাৰ কৰা মহাশিল্পীগৰাকীৰ মৃত্যুৰ দিনটোত ৰাজ্যবাসীয়ে শ্ৰদ্ধাৰে সুঁৱৰিছে।

ৰাজ্যৰ সাধাৰণ জনতাৰ লগতে আজি অসম চৰকাৰেও সুঁৱৰিছে সুন্দৰৰ পূজাৰী জ্যোতিপ্ৰসাদক। পিছে অসম চৰকাৰৰ কৃপাত আজি জ্যোতিপ্ৰসাদৰ মৃত্যুদিন নহয়, জন্মদিনৰ লগত সংগতি ৰাখিহে উদযাপন কৰা হৈছে শিল্পী দিৱস।

Apply Now

হয়, ঠিকেই শুনিছে। আচৰিত যেন লাগিলেও এয়াই সত্য। ন-ইতিহাস লিখনৰ মন্ত্ৰ শেহতীয়াকৈ মুখত আখৈ ফুটাদি ফুটা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশীষতে আজি জ্যোতিপ্ৰসাদৰ মৃত্যুদিন নহয়, জন্মদিনহে!

শিল্পী দিৱসৰ শুভেচ্ছা জনাই আজি অসম চৰকাৰে বাতৰি কাকতত প্ৰকাশ কৰিছে বিজ্ঞাপন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমবাসীৰ হৈ সুন্দৰৰ পূজাৰীগৰাকীলৈ জনাইছে গভীৰ শ্ৰদ্ধাঞ্জলি।

ৰাজ্যৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ দ্বাৰা প্ৰচাৰিত বিজ্ঞাপনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্ধৃতি দি লিখা হৈছে, “ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্মদিনত সুন্দৰৰ পূজাৰীগৰাকীলৈ অসমবাসীৰ হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।”

বিজ্ঞাপনটো সামাজিক মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে খলকনি তোলে, সৃষ্টি হয় তুমুল বিতৰ্কৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ হিমন্ত বিশ্ব শৰ্মাই অসমীয়া সমাজ-সাহিত্য-শিল্প-সংস্কৃতিক মহীয়ান কৰি তোলা জ্যোতিপ্ৰসাদক সুঁৱৰি পালন কৰা দিনটোৰ মহত্ব সঁচাকৈয়ে নাজানে নেকি বুলি প্ৰশ্ন উঠিছে।

সামাজিক মাধ্যমত চৰ্চিত হৈ পৰিছে আন এক বিষয়ো। শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ইতিহাস নতুনকৈ লিখাৰ পোষকতা কৰি ধাৰাবাহিক মন্তব্য কৰি আহিছে। এতিয়া জ্যোতিপ্ৰসাদৰ মৃত্যুদিনক জন্মদিন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েই ইতিহাস পুনৰ লিখনৰ প্ৰাৰম্ভণি ঘটোৱা বুলি সৰস চৰ্চা চলিছে।

একেটা প্ৰসঙ্গতে উচ্চাৰিত হৈছে স্বামী বিবেকানন্দৰ নামো। শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ প্ৰাগজ্যোতিষ প্ৰকল্পত অনুষ্ঠিত এক অনুষ্ঠানত আন এক উদ্ভট মন্তব্য কৰিছিল। অনুষ্ঠানত নিজ ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই ২০০১ চনৰ ১৭ এপ্ৰিলত অসম ভ্ৰমণ কৰিছিল বুলি মন্তব্য কৰিছিল।

মুখ্যমন্ত্ৰীৰ এই মন্তব্যই স্বাভাৱিকতেই খলকনি তুলিছিল। বিবেকানন্দৰ অসম ভ্ৰমণৰ কোনো তথ্য এতিয়ালৈকে প্ৰকাশ পোৱা নাই। তাৰোপৰি স্বামী বিবেকানন্দৰ মৃত্যু ঘটিছিল ১৯০২ চনত। ঊনবিংশ শতিকাৰ প্ৰাৰম্ভণিতে মৃত্যু হোৱা বিবেকানন্দই এটা শতিকাৰ পিছত ২০০১ চনত কিদৰে অসম ভ্ৰমণ কৰিছিল সেয়া কেৱল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰহে জ্ঞাত!

এনেবোৰ কাৰণতে এতিয়া উত্থাপন হৈছে, ইতিহাস পুনৰ লিখনত হাত উজান দিলেই নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই! অসম চৰকাৰৰ এনে ভুল শিল্পী জ্যোতিপ্ৰসাদৰ প্ৰতি চূ়ড়ান্ত অপমান নহয়নে? এনে ভুলৰ বাবে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক্ষমা বিচাৰিবনে?

নে আন বিষয়তো তুলুঙা মন্তব্য কৰি নিজকে সৰ্বজান্তা ৰূপত প্ৰক্ষেপ কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপেক্ষা কৰিব এই ভুলকো!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

কমনৱেলথ গেমছ ২০২৬: পেৰা এথলেটিকছত ভাৰতৰ সোণ আৰু ৰূপ অৰ্জন, বক্সিঙত অভিলেখসংখ্যক পদক নিশ্চিত

July 30, 2026 8:52 am
বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

বানপানীৰ পিছত হ’ব পৰা ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ

July 30, 2026 7:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd