DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

নিসংগতাত ভুগিছে কিম জং-উন! টেটুলৈকে মদ গিলি দিনে-ৰাতি হেনো কৰিছে কন্দাকটা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 17, 2023 3:38 pm
113
VIEWS
Share on FacebookShare on Twitter

গোটেই বিশ্বই তেওঁৰ ভালদৰে জানে। দেশৰ ভিতৰত যদি কোনোৱে তেওঁৰ আদেশ অমান্য কৰে, তেন্তে তেওঁক দিয়া হয় কঠোৰ শাস্তি। সেই কিম জং উনে হেনো গোটেই দিন কন্দাকটা কৰিছে! উত্তৰ কোৰিয়াৰ একচ্ছত্ৰী স্বৈৰশাসকগৰাকীয়ে তেওঁৰ মনৰ দুখ পাহৰিবলৈ দিনে-ৰাতি সুৰা পান কৰিছে। কেৱল সেয়াই নহয়, তেওঁ অসুস্থ হৈ পৰিছে। তেওঁ কেৱল এনেকুৱা অনুভৱ কৰিছে যেন তেওঁ আৰু বেছিদিন জীয়াই নাথাকিব।

মুঠতে, নিৰ্বল হৈ পৰিছে কিম জং উন। তেওঁ মানুহৰ চকুৰ আঁৰত দিন কটাইছে। শেহতীয়া এক প্ৰতিবেদন অনুসৰি, কিমৰ শাৰীৰিক সমস্যাৰ কথা প্ৰকাশ পাইছে। তেওঁ চিকিৎসকসকলৰ তীক্ষ্ণ পৰ্যবেক্ষণত আছে।

কিমে কি ৰোগত ভুগি আছে? প্ৰতিবেদন অনুসৰি, উত্তৰ কোৰিয়াৰ একনায়কগৰাকী মিড লাইফ ক্ৰাইচিছত ভুগি আছে। তেওঁ এই সপ্তাহত তেওঁৰ ৪০ তম জন্মদিন উদযাপন কৰিছিল। কিন্তু কিমে কিছু দিনৰ পৰা অসুস্থ অনুভৱ কৰি আছে। তদুপৰি, প্ৰাণৰ আশংকাও আছে।

বৰ্তমান কিম প্ৰচণ্ড মানসিক চাপত আছে। গতিকে তেওঁ উদ্বেগ উপশম কৰিবলৈ সুৰা পান কৰি আছে। চিকিৎসকসকলে লগে লগে সুৰা পান বন্ধ কৰিবলৈ আৰু ব্যায়াম কৰিবলৈ পৰামৰ্শ দিছে। কিন্তু দুৰ্দণ্ডপ্ৰতাপী নেতাগৰাকীয়ে তেওঁলোকৰ কথা উৰুৱাই দি নিজৰ মৰ্জিৰেই চলিছে। সেয়ে নিজৰ স্বাস্থ্যৰ বিষয়ে যথেষ্ট চিন্তিত। একে সময়তে, নিৰাপত্তাজনিত কাৰণত কিমৰ উদ্বেগো বৃদ্ধি পাইছে। শুনা গৈছে যে তেওঁ সম্পূৰ্ণৰূপে নিসংগ হৈ পৰিছে। কিমে প্ৰচুৰ মদ্যপান কৰি কন্দাকটা কৰিছে।‘’

চিকিৎসকসকলে ধাৰণা কৰে যে কিম মুখ্যতঃ সুৰাপানৰ বাবে অসুস্থ হৈ পৰিছে। তেওঁৰ অসুস্থতাৰ বাতৰি বাহিৰত প্ৰকাশিত হৈছে বুলিও কিম চিন্তিত আৰু শংকিত। সেয়েহে কিমে দেশৰ বাহিৰলৈ যাওঁতে নিজৰ বাবে এটা বিশেষ শৌচালয়ৰ ব্যৱস্থা কৰি আছে যাতে আন দেশৰ চোৰাংচোৱাসকলে তেওঁৰ শৌচ পৰীক্ষা কৰি তেওঁৰ অসুস্থতাৰ বিষয়ে জানিব নোৱাৰে।

কিমৰ দেউতাক কিম জং দ্বিতীয়ৰ ৬৯ বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল। ২০১১ চনত তেওঁৰ মৃত্যু হয়। সেইকাৰণে কিমে ভাবে যে তেওঁ একেদৰে কম বয়সতে মৃত্যুবৰণ কৰিব।

পিতৃৰ মৃত্যুৰ পিছত কিম উত্তৰ কোৰিয়াৰ নেতা হয়। সেই পৰম্পৰা অনুসৰণ কৰি, তেওঁ তেওঁৰ কন্যাক দেশৰ সৰ্বোচ্চ পদৰ বাবে প্ৰস্তুত কৰি আছে। কিমে তেওঁৰ কন্যাক প্ৰথমবাৰৰ বাবে মিছাইল উৎক্ষেপণ অনুষ্ঠানত ৰাজহুৱাকৈ আনিছিল। তেতিয়াই অনুমান আৰম্ভ হৈছিল যে এই ছোৱালীজনীয়েই দেশখনৰ ভৱিষ্যত ৰাষ্ট্ৰপতি নেকি?

Recent News

Uma Bharti on liquor shops

গো আশ্ৰয় শিবিৰলৈ ৰূপান্তৰিত কৰা হ’ব সকলো সুৰা বিপণী! উমা ভাৰতীৰ হুমকি

Budget 2023

নিৰ্বাচন উপলক্ষ্যে চমৎকাৰী বাজেট! মধ্যবিত্তক কৰ ৰেহাই সীতাৰমণৰ!

Man rape girlfriend daughter

ধিক্ মানৱতা! প্ৰেয়সীৰ তিনি বছৰীয়া কন্যাক ধৰ্ষণ কৰি হত্যা যুৱকৰ

Budget 2023

সন্মুখত নিৰ্বাচন! সংসদত ‘অমৃত কালৰ প্ৰথমখন বাজেট’ দাখিল বিত্তমন্ত্ৰী সীতাৰমণৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd