NORTHEAST NOW (Assamese)
ছিকিম

ছিকিমৰ মুখ্য মন্ত্ৰী পৱন কুমাৰ চামলিঙক শুভেচ্ছা মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাৰ

Posted by: এন ই নাও নিউজ April 29, 2018 4:19 pm
Conrad-addressing-media-570x320

দেশৰ আটাইতকৈ দীৰ্ঘকাল সময় মুখ্য মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰা ছিকিমৰ মুখ্য মন্ত্ৰী পৱন কুমাৰ চামলিঙক শুভেচ্ছা জ্ঞাপন কৰিছে মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড কে চাংমাই।

কনৰাড চাংমাই ফেইচবুকত প্ৰকাশ কৰা শুভেচ্ছা বাৰ্তাত কয় ‘আপোনাৰ সবল নেতৃত্বৰ বাবেই ছিকিমৰ সামগ্ৰিক উন্নয়ন সম্ভৱপৰ হৈছে। আৰু আপোনাৰ কৰ্মৰাজী বেলেগৰ বাবে আদৰ্শ।

উল্লেখ্য যে ১৯৯৪ চনৰ ১২ ডিচেম্বৰত পৱন কুমাৰ চামলিঙে প্ৰথমবাৰৰ বাবে ছিকিমৰ মুখ্য মন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণ কৰিছিল। আৰু তেতিয়াৰ পৰা আজিলৈ চামলিঙে ৮,৫৩৬ দিন ছিকিমৰ মুখ্য মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰি এই কৃতিত্ব আৰ্জন কৰিলে।

ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছৰে পৰা কোনো এখন ৰাজ্যৰে মুখ্য মন্ত্ৰীয়ে ছিকিমৰ পৱন কুমাৰ চামলিঙৰ দৰে দীৰ্ঘকাল সময় মুখ্য মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰা নাই।

ছিকিম ডেম’ক্ৰেটিক ফ্রণ্ট নামৰ এটা ৰাজনৈতিক দল জন্ম দি চামলিঙে ১৯৮৯-৯২ চনলৈকে নৰ বাহাদুৰ ভাণ্ডাৰীৰ নেতৃত্বাধীন চৰকাৰৰ উদ্যোগ, তথ্য আৰু জনসম্পৰ্কৰ মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰে।

এইগৰাকী জ্যেষ্ঠ তথা ছিকিমৰ পঞ্চমগৰাকী মুখ্য মন্ত্ৰী চামলিঙ ১৯৫০ চনৰ ২২ ছেপ্তেম্বৰত জন্মগ্ৰহণ কৰিছিল। ১৯৯৪ চনৰ পৰা একেৰাহে পাঁচবাৰলৈ ছিকিমৰ শাসনভাৰ দখল কৰা ছিকিম ডেম’ক্ৰেটিক ফ্ৰণ্টৰ প্ৰতিষ্ঠাপক সভাপতি আছিল চামলিঙ। আৰু তেওঁ ৪৪ বছৰ বয়সত ছিকিমৰ মুখ্য মন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণ কৰিছিল।