NORTHEAST NOW (Assamese)
Popular Stories

মুম্বাই অভিমুখী বিমানত অৰ্ধনগ্ন মহিলাৰ তাণ্ডৱ; বিমান কৰ্মীক দুৰ্ব্যৱহাৰ, গটালে আৰক্ষীক

Posted by: এন ই নাও নিউজ, মুম্বাই Updated by: এন ই নাও নিউজ, মুম্বাই January 31, 2023 11:32 am

চাহাৰ আৰক্ষীয়ে সোমবাৰে ইটালীৰ এগৰাকী ৪৫ বছৰীয়া মহিলাক আবু ধাবিৰ পৰা মুম্বাইলৈ যোৱা বিমানত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ পিছত গ্ৰেপ্তাৰ কৰে। মহিলাগৰাকীৰ নাম পাওলা পেৰুচিঅ।বিমানখনৰ ইক’নমি ক্লাছৰ টিকট থকা মহিলাগৰাকীয়ে জোৰকৈ বিজনেছ ক্লাছত বহিবলৈ চেষ্টা কৰিছিল। যেতিয়া তেওঁক বাধা দিবলৈ চেষ্টা কৰা হয়, তেওঁ কেবিন ক্ৰুক আক্ৰমণ কৰা বুলি জানিব পৰা গৈছে।

অভিযোগ কৰা হৈছে যে তাৰ পিছত মহিলাগৰাকীয়ে তেওঁৰ কিছু কাপোৰ খুলি পেলাইছিল আৰু বিমানখনৰ ইটো মূৰৰ পৰা আনটো মূৰলৈ অৰ্দ্ধনগ্ন হৈয়ে খোজ কাঢ়িছিল।

আৰক্ষীয়ে এয়াৰ ভিস্তাৰা ফ্লাইট ইউকে ২৫৬ ৰ কেবিন ক্ৰুৰ পৰা এটা অভিযোগ পাইছে। এই বিমানখনতে ঘটনাটো ঘটিছিল। সোমবাৰে পুৱতি নিশা মুম্বাইত অৱতৰণ কৰাৰ পিছত অভিযোগটো কৰা হৈছিল। বিমানখন সোমবাৰে ভাৰতীয় সময় মতে পুৱা ২.০৩ বজাত আবু ধাবিৰ পৰা উৰা মাৰিছিল।

চাহাৰ থানাৰ এগৰাকী আৰক্ষী বিষয়াই ঘটনাটোৰ কথা বিৱৰি কয়, “পুৱা প্ৰায় ২.৩০ বজাত ইক’নমি ক্লাছত বহি থকা মহিলাগৰাকীয়ে হঠাতে উঠি দৌৰি গৈ বিজনেছ ক্লাছত বহিছিল। কেবিন ক্ৰুৰ দুগৰাকী সদস্যই তেওঁৰ ওচৰলৈ গৈ জানিব বিচাৰিছিল যে তেওঁক কোনো সহায়ৰ প্ৰয়োজন আছে নেকি। যেতিয়া যাত্ৰীগৰাকীয়ে কোনো সঁহাৰি দিয়া নাছিল, তেওঁলোকে তেওঁক তেওঁৰ নিৰ্ধাৰিত আসনলৈ ঘূৰি যাবলৈ অনুৰোধ কৰে। সেই মুহূৰ্ততে মহিলা যাত্ৰীগৰাকীয়ে তেওঁলোকৰ ফালে চাই চিঞৰিবলৈ ধৰে আৰু আক্ৰমণাত্মক ভংগী ল’বলৈ আৰম্ভ কৰে। বিমানকৰ্মীসকলৰ মতে তেওঁ তেওঁলোকৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছে।”

যেতিয়া ক্ৰু মেম্বাৰসকলে মহিলাগৰাকীক দুৰ্ব্যৱহাৰ কৰাত বাধা দিবলৈ চেষ্টা কৰিছিল, তেওঁ তেওঁলোকৰ এজনৰ মুখত ঘোচা মাৰিছিল আৰু আনজনৰ ওপৰত থু মাৰিছিল। তাৰ ঠিক পিছতে যেতিয়া আন কৰ্মীসকলে তেওঁলোকৰ সহকৰ্মীসকলৰ সহায়ৰ বাবে দৌৰি গৈছিল, মহিলাগৰাকীয়ে তেওঁৰ কাপোৰ খুলিবলৈ আৰম্ভ কৰিছিল।

বিষয়াগৰাকীয়ে কয়, “কৰ্মচাৰী আৰু আন যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি কৰি মহিলাগৰাকীয়ে পথৰ এপিনৰ পৰা আনটো পিনে অৰ্দ্ধনগ্ন হৈয়েই খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিল। মহিলাগৰাকীক নিয়ন্ত্ৰণ আৰু সংযত কৰাৰ আগলৈকে কিছু সময়ৰ বাবে হুলস্থূল অব্যাহত থাকে।”

অৱশেষত বিমানখন যেতিয়া আবেলি প্ৰায় ৪.৫৩ বজাত ছত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে, যাত্ৰীগৰাকীক এয়াৰ ভিস্তাৰাৰ নিৰাপত্তা বিষয়াসকলক আৰু তাৰ পিছত চাহাৰ আৰক্ষীক গতাই দিয়া হয়।