NORTHEAST NOW (Assamese)
দেশ

উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠত মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ৰ লগতে বহিল ছিংগাপুৰৰ মুখ্য ন্যায়াধীশ সুন্দৰেশ মেনন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 3, 2023 2:33 pm
Singapore Chief Justice In Supreme Court

দেশৰ ন্যায়িক ব্যৱস্থাৰ শীৰ্ষতম প্ৰতিষ্ঠান উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠত আহি দেখিবলৈ পোৱা গ’ল এগৰাকী বহি:দেশৰ ন্যায়াধীশক। ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠত আজি একেলগে বহিল ছিংগাপুৰৰ মুখ্য ন্যায়াধীশ সুন্দৰেশ মেনন।

উল্লেখ্য যে, ২০১২ চনৰ পৰা ছিংগাপুৰৰ চতুৰ্থ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা ন্যায়াধীশ মেনন উচ্চতম ন্যায়ালয়ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত অংশগ্ৰহণৰ বাবে ভাৰতত উপস্থিত হৈছে।

লক্ষণীয়ভাৱে, দেশৰ ইতিহাসত প্ৰথমবাৰৰ বাবে উচ্চতম ন্যায়ালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ লোৱা হৈছে। ৪ ফেব্ৰুৱাৰী, শনিবাৰে শীৰ্ষ ন্যায়ালয়ৰ ৭৩ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ন্যায়াধীশ মেনন।

ছিংগাপুৰৰ মুখ্য ন্যায়াধীশগৰাকীয়ে এই অনুষ্ঠানত “পৰিৱৰ্তিত পৃথিৱীত ন্যায়পালিকাৰ ভূমিকা” শীৰ্ষক শীৰ্ষত বক্তৃতা প্ৰদান কৰিব। ন্যায়াধীশ এছ কে কৌলে অনুষ্ঠানত আদৰণি ভাষণ আৰু ভাৰতৰ মুখ্য ন্যায়াধীশে ডি ৱাই চন্দ্ৰচূড়েও ভাষণ প্ৰদান কৰিব।

ন্যায়ালয়ৰন্যায়াধীশত উল্লেখ কৰা মতে, “ছিংগাপুৰৰ মুখ্য ন্যায়াধীশগৰাকীয়ে ভাৰতৰ মাননীয় মুখ্য ন্যায়াধীশ ড° ধনঞ্জয় ৱাই চন্দ্ৰচূড় আৰু উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশসকলৰ সৈতে দুখন ন্যায়পালিকাৰ মাজত অধিক সহযোগিতাৰ পৰিসৰ, আইনী আৰু ন্যায়িক শিক্ষা আৰু জ্ঞান বিনিময়ৰ পৰিসৰ সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে।”

বিবৃতিটোত লগতে ন্যায়াধীশ মেননৰ এই ভ্ৰমণৰ সময়ত ন্যায় প্ৰশাসনত বিশেষকৈ ন্যায়ৰ সুবিধা বৃদ্ধিৰ বাবে প্ৰযুক্তিৰ ব্যৱহাৰৰ বিষয়েও আলোচনা হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰা হৈছে।