NORTHEAST NOW (Assamese)
Popular Stories

‘স্বাধীনতা এক উপহাৰ’! ‘চিংগল’ যুৱকলৈ বিশেষ বাৰ্তাৰে পুনৰ চৰ্চাত নাগালেণ্ডৰ মন্ত্ৰী টেমজেন ইমনা আলং

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 14, 2023 9:43 pm
Nagaland Minister Temjen Imna Along

নাগালেণ্ডৰ বিজেপি নেতা তথা মন্ত্ৰী টেমজেন ইমনা আলং বিগত কিছুদিন ধৰি সামাজিক মাধ্যমত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। হাস্যৰসৰ মাজেৰে দিয়া কিছুমান বিশেষ বাৰ্তাৰে নেটিজেনৰ মাজত যথেষ্ট চৰ্চিত হৈ পৰিছে আলং। এইবাৰ আন এক বাৰ্তাৰে পুনৰ চৰ্চালৈ আহিছে টেমজেন ইমনা আলং। আলঙৰ এইবাৰৰ এই বাৰ্তা মূলত: আজিৰ ভেলেণ্টাইন ডে’ কেন্দ্ৰিক।

মন্ত্ৰীগৰাকীয়ে অবিবাহিত তথা প্ৰেমৰ সম্পৰ্কত নথকা যুৱকসকলৰ বাবে এক বিশেষ বাৰ্তা শ্বেয়াৰ কৰি সামাজিক মাধ্যমত হাঁহিৰ খোৰাক যোগাইছে। নিজৰ টুইটাৰ হেণ্ডেলত এটা পোষ্ট শ্বেয়াৰ কৰি আলঙে চিংগল যুৱকসকলক প্ৰেমৰ দিন ভেলেণ্টাইন ডে’ উদযাপনৰ বাবে অনুপ্ৰেৰিত কৰিছে।

হাস্যৰসাত্মক ভাৱেৰে তেওঁৰ প্ৰেমৰ সম্পৰ্কত বান্ধ নোখোৱা সময়খিনিক স্বাধীনতাৰ সময় আখ্যা দিছে এই স্বাধীনতা উপহাৰ বুলি অভিহিত কৰি সকলোৰে বাবে এই উপহাৰ উপলব্ধ নহয় বুলি মন্তব্য কৰে। তেওঁ টুইটটোত লিখিছে, “স্বাধীনতা এক উপহাৰ, যি সকলোৰে বাবে নিৰ্ধাৰিত নহয়। আহক আমি আমাৰ দিনটোক উদযাপন কৰো। চিংগলসকলৰ জয় হওক!”

 

আলঙৰ এই টুইটটোৱে ব্যাপক হাৰত নেটিজেনৰ দৃষ্টি আকৰ্ষণ কৰে। বিভিন্ন ভাৱাবেগেৰে নেটিজেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আলঙৰ এই টুইটটোত। টুইটটোৱে লাভ কৰা সঁহাৰিয়ে পুনৰ এবাৰ সামাজিক মাধ্যমত আলঙৰ জনপ্ৰিয়তাক প্ৰমাণিত কৰি তুলিছে।

উল্লেখ্য যে, ২০২২ চনৰ জুলাই মাহতো আলঙে আন এক টুইটেৰে অনুৰাগীসকলক অবিবাহিত তথা চিংগল হৈ থাকিবলৈ উৎসাহিত কৰিছিল। টুইটটোত তেওঁ বিশ্ব জনসংখ্যা দিৱস উপলক্ষে জনসংখ্যা বৃদ্ধিৰ বিষয়সমূহৰ প্ৰতি সজাগ হৈ তেওঁৰ দৰেই অবিবাহিত হৈ থাকি বহনক্ষম ভৱিষ্যতৰ দিশত অৰিহণা যোগাব পৰা যাব বুলি ৰসাল মন্তব্য কৰিছিল।