NORTHEAST NOW (Assamese)
অসম

বিন লাদেন, আল-জাৱাহিৰীৰ উত্তৰাধিকাৰী; আল-কায়েদাৰ নতুন মুৰব্বী ছাইফ আল-আদেল!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 16, 2023 6:22 pm

ইৰাণস্থিত ইজিপ্তত জন্মগ্ৰহণ কৰা কমাণ্ডো ছাইফ আল-আদেলক আল-কায়েদাৰ নতুন মুৰব্বী হিচাপে নিযুক্তি দিয়া হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে বুধবাৰে এইকথা সদৰী কৰিছে। তেওঁ যোৱা বছৰ জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ড্ৰোণ আক্ৰমণত নিহত হোৱা আয়মান আল-জাৱাহিৰীৰ স্থানত দায়িত্ব লৈছে।

আমেৰিকাৰ বিদেশ বিভাগৰ এজন মুখপাত্ৰই কয়, “আমাৰ পৰ্যৱেক্ষণসমূহ ৰাষ্ট্ৰসংঘৰ পৰ্যৱেক্ষণৰ সৈতে সামঞ্জস্যপূৰ্ণ। ধাৰণা কৰা হৈছে যে ছাইফ আল-আদেল আল-কায়েদাৰ নতুন মুৰব্বী হৈছে। তেওঁ ইৰাণত আছে।‘’

ইয়াৰ পূৰ্বে মঙলবাৰে ৰাষ্ট্ৰসংঘই জনাইছিল যে ছাইফ আল-আদেল আল-কায়েদাৰ মুৰব্বী হৈছে। অৱশ্যে, আল-কায়েদাৰ পৰা ইয়াৰ নতুন মুৰব্বীৰ নিৰ্বাচন সম্পৰ্কে কোনো আনুষ্ঠানিক ঘোষণা কৰা হোৱা নাই।

যোৱা বছৰ জুলাইত আফগানিস্তানৰ ৰাজধানী কাবুলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ গোপন অভিযানত জাৱাহিৰী নিহত হৈছিল। আমেৰিকাই দাবী কৰিছে যে জাৱাহিৰী দীৰ্ঘদিন ধৰি কাবুলত লুকাই আছিল। ইয়াৰ জৰিয়তে ওছামা বিন লাদেনৰ উত্তৰাধিকাৰীক বন্দী কৰাৰ ২১ বছৰৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰচেষ্টাৰ সমাপ্তি ঘটে।

ইণ্টাৰনেচনেল চেণ্টাৰ ফৰ টেৰৰিজম (আইচিচিটি)ৰ মতে, ইজিপ্তৰ বংশোদ্ভূত ৬২ বছৰীয়া ছাইফ আল-আদেলৰ অভিযান সম্পৰ্কীয় কামৰ বাবে পৰিকল্পনাৰ ব্যাপক অভিজ্ঞতা আছে।

ছাইফ আল-আদেলক মুহাম্মাদ ইব্ৰাহিম মাক্কি আৰু ইব্ৰাহিম আল-মাদানী বুলিও জনা যায়। তেওঁ ইতিমধ্যে ইৰাণ এৰি আফগানিস্তানলৈ গৈছে বুলিও বাতৰি ওলাইছে।