NORTHEAST NOW (Assamese)
অসম

ডিব্ৰুগড়ত চিকিৎসকক আক্ৰমণ: দুই যুৱকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত চিকিৎসক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 21, 2023 5:01 pm
Doctor injured in two men attack

ডিব্ৰুগড়ত দুই যুৱকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছে এগৰাকী চিকিৎসক। নিজা বাসগৃহতে চিকিৎসক গৰাকীক আক্ৰমণ কৰাৰ অভিযোগ উঠিছে দুগৰাকী যুৱকৰ বিৰুদ্ধে। সোমবাৰে সংঘটিত হৈছে এই ঘটনা।

আহত চিকিৎসকগৰাকী ডিব্ৰুগড়ৰ বৈৰাগীমঠৰ বাসিন্দা গীতাৰ্থ শইকীয়া বুলি জানিব পৰা গৈছে। চিকিৎসক গৰাকীৰ পিতৃয়ে ঘটনা সন্দৰ্ভত দিয়া ভাষ্য মতে যুৱক দুগৰাকী তেওঁৰ ঘৰলৈ আহি গীতাৰ্থ শইকীয়াক বিচাৰে আৰু তেওঁ ঘৰৰ বাহিৰলৈ ওলাই অহাৰ পিছতে অতৰ্কিতে আক্ৰমণ কৰে।

গীতাৰ্থৰ পিতৃ কিৰণ শইকীয়াই কয়, “কালি দুগৰাকী যুৱক আমাৰ ঘৰলৈ আহি গীতাৰ্থ বিচাৰিছিল। মই তেওঁলোকক ঘৰৰ ভিতৰলৈ আহিবলৈ কওঁ যদিও দুয়োগৰাকী ভিতৰলৈ সোমাবলৈ অমান্তি হয়।”

“পিছত গীতাৰ্থই তেওঁলোকক লগ কৰিবলৈ ওলাই অহাৰ লগে লগে উপৰ্যুপৰি প্ৰহাৰ কৰে। গীতাৰ্থ মাটিত বাগৰি পৰাৰ পিছতো দুয়োগৰাকীয়ে তেওঁক প্ৰহাৰ কৰে।”– তেওঁ লগতে কয়।

এনে আক্ৰমণৰ পৰা পুত্ৰক ৰক্ষা কৰিবলৈ তেওঁ চেষ্টা কৰাত আক্ৰমণকাৰী দুই যুৱক সেই স্থান এৰি গাড়ীত উঠি পলায়ন কৰে বুলি কিৰণ শইকীয়াই লগতে উল্লেখ কৰে।

যুৱক দুগৰাকীৰ আক্ৰমণত চিকিৎসকগৰাকীয়ে মূৰ, কাণ আৰু শৰীৰৰ অন্যান্য অংশত আঘাত পাইছে বুলি তেওঁৰ পিতৃয়ে জানিবলৈ দিছে। আহত গীতাৰ্থ শইকীয়া বৰ্তমান স্থানীয় এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

চিকিৎসকগৰাকীৰ পৰিয়ালৰ লোকে গাভৰুপথাৰ আৰক্ষীৰ আউটপোষ্টত ইতিমধ্যে অভিযোগ দাখিল কৰিছে আৰু অনতিপলমে অভিযুক্ত যুৱক দুগৰাকীক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক অনুৰোধ জনাইছে।

জানিব পৰা মতে, আক্ৰমণৰ সন্মুখীন হোৱা গীতাৰ্থই মাজুলীৰ এখন চিকিৎসালয়ত ইন্টাৰ্ণ হিচাপে কাম কৰি আহিছে। ইফালে তেওঁৰ আক্ৰমণৰ লগত জড়িত এগৰাকী যুৱকক দেবৰাজ বৰগোহাঁই বুলি চিনাক্ত কৰা হৈছে বুলি জানিব পৰা গৈছে।