NORTHEAST NOW (Assamese)
উত্তৰ-পূব

নাগালেণ্ডত ৮১.৯৪% আৰু মেঘালয়ত ৭৪.৩২% ভোটেৰে ভোটগ্ৰহণৰ সমাপ্তি : ২ মাৰ্চত ওলাব ফলাফল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 28, 2023 12:29 pm

যোৱা সোমবাৰে নাগালেণ্ড আৰু মেঘালয়ত অনুষ্ঠিত হৈ যায় বিধান সভাৰ নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা বিয়লি ৪ বজালৈকে হোৱা ভোট গ্ৰহণৰ সময়ত না না বিক্ষপ্ত ঘটনাই জোকাৰি যায় দুই ৰাজ্য। যদিও নিৰ্বাচনী বিধি মতে ৪ বজালৈকে ভোট গ্ৰহণ কৰাৰ কথা আছিল তথাপি কিছু কিছু ভোট কেন্দ্ৰত ৪ বাজি যোৱাৰ পিছতো ভোটদান প্ৰক্ৰিয়া চলি থাকে।

তাৰ মাজতো বিপুল পৰিমাণৰ জনতাই ভোট দান কৰে দুই ৰাজ্যত। মেঘালয়ত ৭৪.৩১ শতাংশ ভোটাৰৰ বিপৰীতে নাগালেণ্ডত ৮১.৯৮ শতাংশ ভোটাৰে সাব্যস্ত কৰে ভোটাধিকাৰ।

উল্লেখ্য যে অহা ২ মাৰ্চত ফলাফল ঘোষণা কৰা হ’ব উত্তৰ পূৰ্বাঞ্চলৰ এই দুই ৰাজ্যৰ বিধান সভাৰ ফলাফল। নাগালেণ্ডত ১৩ লাখতকৈ অধিক ভোটাৰে ৫৯ টা সমষ্টিত প্ৰতিনিধিত্ব কৰা ১৮৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। আনহাতে প্ৰায় ২২ লাখ ভোটাৰে নিৰ্ণয় কৰিব মেঘালয়ৰ ৫৯ টা সমষ্টিত প্ৰতিনিধিত্ব কৰা ৩৬৯ গৰাকী প্ৰাৰ্থীৰ ভাগ্য।