NORTHEAST NOW (Assamese)
দেশ

শিবিৰৰ ভিতৰত উদ্ধাৰ চিআৰপিএফ জোৱানৰ গুলীবিদ্ধ মৃতদেহ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 28, 2023 9:20 pm
Jawan Found Shot Dead

জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত থকা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী, চমুকৈ চিআৰপিএফ- ৰ এটা শিবিৰৰ ভিতৰত উদ্ধাৰ হৈছে এগৰাকী জোৱানৰ গুলীবিদ্ধ মৃতদেহ। জোৱানগৰাকীয়ে আত্মহত্যা কৰা বুলি জানিবলৈ দিছে বিভাগীয় বিষয়াই।

বিভাগৰ এগৰাকী উচ্চপদস্থ বিষয়াই সদৰী কৰা মতে, মৃত জোৱানগৰাকী নওচেৰা অঞ্চলৰ টাইন ব্ৰীজ শিবিৰৰ ভিতৰত চেণ্ট্ৰী ডিউটিত আছিল। পুৱা প্ৰায় ২.৪৫ বজাত তেওঁ নিজৰ চাৰ্ভিচ ৰাইফলৰে গুলীয়াই আত্মহত্যা কৰা বুলি বিষয়াগৰাকীয়ে লগতে কয়।

জোৱানগৰাকীয়ে কি কাৰণত আত্মহত্যা কৰিলে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই বুলি উল্লেখ কৰি বিষয়াগৰাকীয়ে লগতে আৰক্ষীয়ে বিষয়টোত তদন্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি জানিবলৈ দিয়ে।

নিহত জোৱানগৰাকী কেৰালাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। যোৱা ১ জানুৱাৰীৰ ধানগৰী সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত নিয়োগ কৰা ১৮ টা অতিৰিক্ত কোম্পানীৰ অধীনত জোৱানগৰাকীক ৰাজৌৰীত নিযুক্তি দিয়া হৈছিল।