NORTHEAST NOW (Assamese)
জীৱনশৈলী

বিশ্ব বৃক্ক দিৱস : কিডনীৰ সমস্যা আৰু কাৰণ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 9, 2023 2:04 pm

আজি ‘বিশ্ব বৃক্ক দিৱস’। বৃক্ক হৈছে শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ। সুস্থ হৈ থাকিবলৈ হ’লে বৃৃক্কক কেতিয়াও অৱহেলা কৰিব নালাগে। বৃক্কক অৱহেলা কৰিলে ডাঙৰ শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে কোনো ডাঙৰ শাৰীৰিক সমস্যাৰ সন্মুখীন হোৱাৰ আগতেই সাৱধান হোৱাটো জৰুৰী। অজানিতে আমি অভ্যস্ত হৈ পৰা কিছুমান দৈনন্দিন অভ্যাস আছে, যাৰ ফলত বৃক্ক বিকল হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

বৃক্ক ভালে ৰাখিবলৈ হ’লে পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে। সাধাৰণতে এজন সুস্থ ব্যক্তিক প্ৰতিদিনে ৩৪ লিটাৰ পানীৰ প্ৰয়োজন হয়। গতিকে আপোনাৰ শৰীৰৰ বাবে দৈনিক কিমান পানীৰ প্ৰয়োজন সেই বিষয়ে চিকিৎসক বা পুষ্টিবিদৰ পৰামৰ্শ লওক। পানীয়ে মূলতঃ শৰীৰৰ পৰা সকলো বিষাক্ত পদাৰ্থ উলিয়াই পেলোৱাত সহায় কৰে। গতিকে বৃক্কই যিমানেই পানী পাব সিমানেই ইয়াৰ কামকাজ ভাল হ’ব। অত্যধিক মদ্যপান কৰিলেও বৃক্কৰ সমস্যা হ’ব পাৰে।

প্ৰস্ৰাৱ বন্ধ হোৱাটো বৃক্কৰ সংক্ৰমণৰ অন্যতম কাৰণ। সাধাৰণতে যাত্ৰাৰ সময়ত বা কেতিয়াবা কামৰ হেঁচাত বহুতে প্ৰস্ৰাৱ বন্ধ কৰি ৰাখে। কিন্তু এনেদৰে বাৰে বাৰে প্ৰস্ৰাৱ বন্ধ কৰি ৰখাটো বৃক্কৰ বাবে অত্যন্ত ক্ষতিকাৰক। ইয়াৰ ফলত প্ৰস্ৰাৱ নলীত চাপ পৰে, যাৰ ফলত বৃক্কৰ ক্ষতি হয়।

ডায়েবেটিছৰ উচ্চ মাত্ৰাই বৃক্কৰ ওপৰত পোনপটীয়াকৈ ক্ষতি সাধন কৰে। গতিকে সদায় ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰক। বৃক্ক সুস্থ কৰি ৰাখিবলৈ ডায়েবেটিছ প্ৰতিৰোধ অতি প্ৰয়োজন।

বহু লোকে সাধাৰণ বিষতেই বা জটিল বিষতো চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ বিষনাশক ঔষধ সেৱন কৰে। এই ধৰণৰ ঔষধ সেৱনে বৃক্কৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। গতিকে চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ কেতিয়াও কোনো ধৰণৰ এন্টিবায়টিক বা বিষনাশক ঔষধ গ্ৰহণ কৰিব নালাগে।

বহু লোকে নিমখ বেছিকৈ খাই ভাল পায়। ৰন্ধাবঢ়াত নিমখ কম হওক বা নহওক, খাদ্যত অলপ কেঁচা নিমখ লোৱাটো বহুতৰে অভ্যাস। কিন্তু এই অভ্যাস বৃক্কৰ বাবে একেবাৰেই ভাল নহয়। যদি আপুনি আপোনাৰ বৃক্ক সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে প্ৰথমে এই অভ্যাস বন্ধ কৰিব লাগিব।