NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলত দুৰ্ঘটনাত পতিত সেনাৰ হেলিকপ্টাৰ: দুই সেনা বিষয়া নিৰুদ্দেশ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 16, 2023 2:49 pm
Army Helicopter Crashes In Arunachal

অৰুণাচল প্ৰদেশত দুৰ্ঘটনাত পতিত হৈছে ভাৰতীয় সেনাৰ এখন চিতা হেলিকপ্টাৰ। প্ৰকাশিত খবৰ অনুসৰি ৰাজ্যখনৰ বমডিলা চহৰৰ পশ্চিম মাণ্ডালাৰ সমীপত দুৰ্ঘটনাগ্ৰস্ত হয় হেলিকপ্টাৰখন।

পৰীক্ষামূলক উৰণৰ সময়ত পুৱা প্ৰায় ৯.১৫ বজাত হেলিকপ্টাৰখন সৈতে এয়াৰ ট্ৰেফিক কণ্ট্ৰলৰ যোগাযোগ বিচ্ছিন্ন হয় বুলি নিশ্চিত কৰিছে সেনাই। দুৰ্ঘটনাত হেলিকপ্টাৰখনত থকা দুগৰাকী বিষয়া নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে।

নিৰুদ্দিষ্ট বিষয়া দুগৰাকীৰ সন্ধানত অনুসন্ধান অভিযান আৰম্ভ কৰা হৈছে বুলি সেনাই লগতে সদৰী কৰিছে।

নিৰুদ্দিষ্ট বিষয়া দুগৰাকীৰ এগৰাকী লেফটেনেণ্ট কৰ্ণেল আৰু আনগৰাকী মেজৰ ৰেংকৰ বিষয়া বুলি জানিব পৰা গৈছে।