NORTHEAST NOW (Assamese)
অসম

বিশ্বনাথত নাবালিকা ছাত্ৰীক ধৰ্ষণৰ চেষ্টা বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ: পলাতক অভিযুক্ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 21, 2023 6:36 pm
School principal accused of attempting to rape

বিশ্বনাথত সংঘটিত হৈছে মানৱ সমাজক লজ্জানত কৰা এক জঘন্য কাণ্ড। এগৰাকী নাবালিকা ছাত্ৰীক ধৰ্ষণৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হৈছে বিশ্বনাথ চাৰিআলিৰ এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে। এই অভিযোগৰ পাছতে বৰ্তমান পলাতক অৱস্থাত আছে অভিযুক্ত প্ৰধান শিক্ষকগৰাকী।

ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগত অভিযুক্ত প্ৰধান শিক্ষক গৰাকী বিশ্বনাথৰ চাকোমোথা চাহ বাগিচা মডেল হাইস্কুলৰ অধ্যক্ষ নিত্যানন্দ শৰ্মা বুলি জানিব পৰা গৈছে। আনহাতে ভুক্তভোগী নাবালিকা গৰাকী একেখন বিদ্যালয়ৰে নৱম শ্ৰেণীৰ ছাত্ৰী।

ভুক্তভোগী ছাত্ৰীগৰাকীৰ মতে, পৰীক্ষাৰ উত্তৰ বহী দেখুওৱাৰ অজুহাতত প্ৰধান শিক্ষকগৰাকীয়ে ছাত্ৰীগৰাকীক বিদ্যালয়লৈ মাতি নিছিল। ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীয়ে কয়, “ঘৰত কোনো নথকা সময়ত ছাৰে মোক স্কুললৈ মাতিছিল।”

“ছাৰে যাবলৈ কোৱাৰ বাবে দুগৰাকী সহপাঠীক লগত মই স্কুললৈ গৈছিলো। কিন্তু ছাৰে মোক উভতাই পঠালে আৰু পিছত অকলে আহিবলৈ ক’লে। পিছত মই অকলে স্কুললৈ যোৱাত তেওঁ মোক যৌন নিৰ্যাতন চলাবলৈ চেষ্টা কৰিলে। কিন্তু মই কেনেবাকৈ সেই স্থানৰ পৰা পলাই যাবলৈ সক্ষম হ’লোঁ৷”- ছাত্ৰীগৰাকীয়ে লগতে কয়।

ইতিমধ্যে বিশ্বনাথ চাৰিআলি সদৰ থানাত এজাহাৰ দাখিল কৰিছে ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে। লক্ষণীয়ভাৱে গাঁওবুঢ়া আৰু পঞ্চায়তৰ সভাপতিয়ে ঘটনাটোক গাপ দিবলৈ চেষ্টা কৰা বুলিও অভিযোগ উত্থাপন কৰিছে পিতৃ-মাতৃয়ে।

ছাত্ৰীগৰাকীৰ পিতৃয়ে কন্যাৰ ন্যায় বিচাৰি অভিযুক্ত প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক আবেদন জনাইছে। আনহাতে পলাতক অভিযুক্ত প্ৰধান শিক্ষক নিত্যানন্দ শৰ্মাক গ্ৰেপ্তাৰৰ উদ্দেশ্যে অনুসন্ধান আৰম্ভ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।