NORTHEAST NOW (Assamese)
অসম

কলিয়াবৰত উদযাপন শ্ৰমিক দিৱস: প্ৰয়াত লীলাকান্ত বৰাৰ আৱক্ষ মূৰ্তি উন্মোচন

Posted by: ৰিদীপ শৰ্মা May 1, 2018 2:35 pm
IMG_20180501_121405

বিশ্বৰ শ্ৰমিক এক হোৱাৰ আহ্বানৰে সমগ্ৰ বিশ্বতে আজি পালন কৰা হৈছে শ্ৰমিক দিৱস। সেইদৰে কলিয়াবৰৰ শিলঘাটস্থিত অসম সমবায় মৰাপাট কলৰ কৰ্মী পৰিষদেও বিভিন্ন কাৰ্যসূচীৰ মাজেৰে উদযাপন কৰিছে শ্ৰমিক দিৱস ।

শ্ৰমিক দিৱসৰ লগত সংগতি ৰাখি আজিৰ দিনটোতে কলিয়াবৰৰ প্ৰথম গৰাকী বিধায়ক প্ৰয়াত লীলাকান্ত বৰাৰ আৱক্ষ মূৰ্তি উন্মোচন কৰা হয়।

উল্লেখযোগ্য যে শিলঘাটৰ অসম সমবায় মৰাপাট কল প্ৰতিষ্ঠা কৰি সমবায়খণ্ডৰ ব্যাপক পৰিৱৰ্তন অনাৰ লগতে সহস্ৰাধিক পৰিয়ালৰ সংস্থাপনৰ পথ প্ৰদৰ্শক আছিল লীলাকান্ত বৰা।

IMG_20180501_121130

আজি দেশৰ ভিতৰতে সমবায় খণ্ডৰ একমাত্ৰ লাভজনক উদ্যোগ অসম সমবায় মৰাপাট কলৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত লীলাকান্ত বৰাৰ প্ৰতিমুৰ্তি উন্মোচন কৰে মৰাপাটকলটোৰ পৰিচালনা সমিতিৰ সভাপতি কেশৱ মহন্তই।

শ্ৰমিক দিৱসৰ দিন যোৰা কাৰ্যসূচী অনুসৰি মুকলি সভা, বাৰেৰহনীয়া কৃষ্টি আৰু আমন্ত্রিত শিল্পীৰ দ্বাৰা “গানে মাতে এৰাতি “শীৰ্ষক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হোৱা বুলি আয়োজকে জানিবলৈ দিয়ে।