NORTHEAST NOW (Assamese)
দেশ

ৰাহুল গান্ধীৰ কেম্ব্ৰিজ ভাষণ: বিজেপি নেতাৰ আবেদন খাৰিজ আদালতৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 24, 2023 10:50 am
Rahul Gandhi At Cambridge

বিগত মাহত লণ্ডন ভ্ৰমণৰ সময়ত বিশ্বৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাষণক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল শাসকীয় বিজেপি দলে। বিজেপিয়ে ৰাহুল গান্ধীৰ এই ভাষণে বিদেশৰ মাটিত ভাৰতক অপমান কৰা হৈছে বুলি দাবী কৰি গান্ধীক ক্ষমা খুজিবলৈ দাবী জনাইছিল।

এই ভাষণ প্ৰসংগত ৰাহুল গান্ধীৰ বিৰুদ্ধে দাখিল কৰা এখন আবেদন খাৰিজ কৰিছে বাৰাণসী আদালতে। বিজেপি নেতা শশাংক শেখৰ ত্ৰিপাঠীয়ে দাখিল কৰা আবেদন নাকচ কৰি আদালতে ৰাহুল গান্ধীৰ মন্তব্যই বাক স্বাধীনতাৰ সীমা অতিক্ৰম কৰা নাই বুলি মন্তব্য কৰে।

কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত দিয়া বক্তৃতাত গান্ধীয়ে ভাৰতত সাম্প্ৰতিক সময়ত গণতান্ত্ৰিক ব্যৱস্থা আক্ৰমণৰ সন্মুখীন হৈছে বুলি মন্তব্য কৰিছিল। তেওঁ লগতে ইজৰাইলত নিৰ্মিত পেগাছাছ স্পাইৱেৰ ব্যৱহাৰ কৰি তেওঁকে ধৰি কেইবাজনো ৰাজনীতিবিদক চোৰাংচোৱাগিৰি কৰা হৈছে বুলিও মন্তব্য কৰিছিল।

গান্ধীৰ এই ভাষণক কেন্দ্ৰ কৰি শাসকীয় বিজেপি দলে কংগ্ৰেছ নেতাগৰাকীক তীব্ৰ আক্ৰমণ কৰিছিল। গান্ধীক ক্ষমা খোজাৰ দাবীৰে দুই সদন উত্তাল কৰি তুলিছিল বিজেপিয়ে। আনহাতে

গান্ধীৰ বিৰুদ্ধে আবেদন দাখিল কৰি বিজেপি নেতা শশাংক শেখৰ ত্ৰিপাঠীয়ে কংগ্ৰেছ নেতাগৰাকীৰ বক্তব্য বিভাজনকাৰী আৰু ভাৰতৰ সংবিধান বিৰোধী বুলি অভিযোগ উত্থাপন কৰিছিল।

আবেদনখনত বিজেপি নেতাগৰাকীয়ে লগতে গান্ধীৰ এই বক্তব্য জাতি আৰু ধৰ্মৰ ভিত্তিত ভাৰতীয়ক বিভাজন কৰাৰ ষড়যন্ত্ৰৰ অংশ আৰু তেওঁৰ বক্তব্য ঘৃণামূলক ভাষণৰ সমান বুলিও অভিযোগ তুলিছিল।

কিন্তু আদালতে আবেদনৰ শুনানি গ্ৰহণ কৰি গান্ধীৰ বক্তব্যই বাক আৰু মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰৰ অধীনত নিৰ্ধাৰিত সীমা অতিক্ৰম নাই কৰা বুলি স্পষ্ট কৰি দিয়ে আৰু বিজেপি নেতাগৰাকীৰ আবেদন খাৰিজ কৰে।