NORTHEAST NOW (Assamese)
দেশ

বেয়া খবৰ ! UPI ত ধনৰ লেনদেন কৰিলে গ্ৰাহকে ভৰিব লাগিব ১.১ শতাংশ মাচুল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 29, 2023 12:10 pm

ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমে অধিসূচনা জাৰি কৰিছে যে ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰিপেইড পেমেণ্ট ইনষ্ট্ৰুমেণ্ট (পিপিআই)–ৱালেট বা কাৰ্ড ব্যৱহাৰ কৰি কৰা ইউপিআই (ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ) লেনদেনত ১.১ শতাংশ মাচুল ভৰিব লাগিব গ্ৰাহকে।

লগতে পঢ়কঃ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ ভ্ৰমণৰ বাবে ব্যৱহাৰ কৰা হৈছিল কাজিৰঙাৰ ব্যাঘ্ৰ সংৰক্ষণৰ পুঁজিৰ ধন

অনলাইন ব্যৱসায়ী, বৃহৎ ব্যৱসায়ী আৰু সৰু অফলাইন ব্যৱসায়ী সকলোৰে ক্ষেত্ৰত আৰোপ কৰা হৈছে এই মাচুল। এতিয়াৰে পৰা ২০০০ টকাতকৈ অধিক টকা UPI যোগে লেনদেন কৰিলে অতিৰিক্ত ১.১ শতাংশ ধন ভৰিব লাগিব UPI ৰ গ্ৰাহকসকলে। অৱশ্যে কিছুমান ব্যৱসায়ৰ ক্ষেত্ৰত এই মাচুল .৫ শতাংশৰ পৰা আৰম্ভ হ’ব বুলি জনাইছে ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমে

লগতে পঢ়কঃ লোকসভা সচিবালয়ৰ উপ-সচিবলৈ পত্ৰ ৰাহুল গান্ধীৰ: শীঘ্ৰেই খালী কৰিব চৰকাৰী বাসভৱন

বেংক একাউণ্ট আৰু পিপিআই ৱালেটৰ মাজত পিটুপি আৰু পিটুপিএম লেনদেনত এই নীতি প্ৰযোজ্য নহ’ব। কিন্তু পিপিআই ইছ্যুকাৰীসকলে প্ৰিপেইড ৱালেটত ২,০০০ ₹ তকৈ অধিক টকা আপলোড কৰাৰ বাবে ৰেমিটাৰ বেংকক “ৱালেট লোডিং চাৰ্ভিচ চাৰ্জ” হিচাপে ১৫ বিপিএছ দিব লাগিব।

লগতে পঢ়কঃ বিৰোধী দলৰ বৈঠকত ৰাহুল গান্ধী-‘প্ৰয়োজন হ’লে মই আঁতৰি যাম, কোনো কাৰণতে মিত্ৰতা নাভাঙিব’

এই ক্ষেত্ৰত আদানপ্ৰদানৰ মাচুলৰ মূল্য নিৰ্ধাৰণ সম্পৰ্কে ভাৰতীয় ৰাষ্ট্ৰীয় পেমেণ্ট নিগমে ২০২৩ চনৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত পৰ্যালোচনা কৰিব

লগতে পঢ়কঃ ১ এপ্ৰিলৰ পৰা বৃদ্ধি পাব ৩৮৪ টাকৈ জীৱনদায়িনী ঔষধৰ মূল্য