NORTHEAST NOW (Assamese)
Popular Stories

চকুৰ ৰোগ পৰীক্ষা কৰিবলৈ AI APP প্ৰস্তুত ১১ বছৰীয়া ভাৰতীয় কন্যাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 30, 2023 9:14 am

লীনা ৰফীক নামৰ এগৰাকী এঘাৰ বছৰীয়া ভাৰতীয় কিশোৰীয়ে চকুৰ বিভিন্ন ৰোগসমূহ ধৰা পেলাবলৈ তৈয়াৰ কৰিছে অগলাৰ আইস্কেন (Ogler Eyescan ) নামৰ এটা এ আই এপ।

এই মোবাইল এপটোৱে উন্নত কম্পিউটাৰ দৃষ্টি আৰু মেচিন লাৰ্নিং এলগৰিজি(computer vision and machine learning algorithms) ব্যৱহাৰ কৰি এক অনন্য স্কেনিং প্ৰক্ৰিয়াৰ জৰিয়তে কাম কৰে।

অগলাৰে ফ্ৰেমৰ পৰিসৰৰ ভিতৰত চকুৰ অৱস্থান চিনাক্ত কৰিবলৈ পোহৰ আৰু ৰঙৰ তীব্ৰতা, দূৰত্ব, আৰু লুকআপ পইণ্টকে ধৰি বিভিন্ন কাৰক ব্যৱহাৰ কৰে। স্কেনৰ মানদণ্ড প্ৰতিষ্ঠা হোৱাৰ পিছত এপটোৱে চকুৰ সম্ভাৱ্য ৰোগ বা অৱস্থা যেনে আৰ্কাছ, মেলানোমা, প্টেৰিজিয়াম, আৰু কেটাৰেক্ট নিৰ্ণয় কৰিবলৈ প্ৰশিক্ষিত মডেল ব্যৱহাৰ কৰে।

খবৰ অনুসৰি, লীনাই কোনো তৃতীয় পক্ষৰ লাইব্ৰেৰী বা পেকেজ ব্যৱহাৰ নকৰাকৈয়ে SwiftUI প্ৰগ্ৰেমিং ভাষা ব্যৱহাৰ কৰি অগলাৰ সৃষ্টি কৰিছিল। এই এপটোৰ বিকাশৰ বাবে চফ্টৱেটোৰ পুনৰ গৱেষণা আৰু বিকাশৰ বাবে ছমাহ সময়ৰ প্ৰয়োজন হৈছিল।

উল্লেখ্য যে কেইবছৰমান পূৰ্বে লীনাৰ জ্যেষ্ঠ ভগ্নী হানা ৰফিকেও এটা এপ তৈয়াৰ কৰি আটাইতকৈ কম বয়সীয়া iOS ডেভেলপাৰ হোৱাৰ বাবে শিৰোনাম দখল কৰিছিল।

লীনাই ছ’চিয়েল মিডিয়াত এই খবৰটো শ্বেয়াৰ কৰাৰ পিছতেই লীনাৰ এপটোৰ বিষয়ে সকলোতে জনাজাত হৈ পৰিছে।