NORTHEAST NOW (Assamese)
ক্ৰীড়া

বিশ্ব চেম্পিয়ন : ৯৫ বয়সীয়া বৃদ্ধাই ভাৰতলৈ কঢ়িয়াই আনিলে ৩টাকৈ সোণৰ পদক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 31, 2023 3:54 pm

মনোবল, অধ্যৱসায় আৰু ইতিবাচক চিন্তাৰে যে মানুহে বয়সৰ লগত যুঁজ দিব পাৰে সেয়া যেন প্ৰমাণ কৰি দেখুৱালে এইগৰাকী ৯৫ বছৰ বয়সীয়া বৃদ্ধাই। তিনিটাকৈ সোণৰ পদকেৰে বিশ্বত নিজৰ নাম উজ্বলাই বৃদ্ধ আৰু তৰুণ সকলোৰে প্ৰেৰণাৰ উৎস হিচাপে নিজকে প্ৰতিষ্ঠা কৰি থৈ গ’ল এগৰাকী ভাৰতীয় মহিলাই।

পোলেণ্ডত অনুষ্ঠিত হোৱা নৱম World Master Athletics Indoor Championship ২০২৩ ত তিনিটা সোণৰ পদক অৰ্জন কৰি খ্যাতি কঢ়িয়াই আনিলে ৯৫ বছৰীয়া এগৰাকী ভাৰতীয় খেলুৱৈয়ে।

স্বৰ্ণ পদক বিজয়ী দূৰন্ত খেলুৱৈ গৰাকী হৈছে হাৰিয়ানাৰ ভগৱানী দেৱী দাগাৰ। দাগাৰে World Master Athletics Indoor Championship ত ৬০ মিটাৰ দৌৰ, শ্বটপুট আৰু ডিস্কছ থ্ৰ’ত পদক দখল কৰি জিলিকি উঠিছে বিশ্বৰ দৰবাৰত।

হাৰিয়ানাৰ খেডকা গাঁৱত জন্মগ্ৰহণ কৰা প্ৰবীণ খেলুৱৈ ভগৱানী দেৱীয়ে ইয়াৰ পূৰ্বে ফিনলেণ্ডত অনুষ্ঠিত ২০২২ চনৰ বিশ্ব মাষ্টাৰ এথলেটিকছ চেম্পিয়নশ্বিপতো ৯০৯৪ বছৰ বয়সৰ শাখাৰ ১০০ মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰিছিল।

উল্লেখ্য যে জীৱনৰ অলেখ দুৰ্ভাগ্য আৰু হতাশাকো ভগৱানী দেৱীয়ে নিজৰ সফলতাৰ হেঙাৰ হ’বলৈ সুযোগ প্ৰদান কৰা নাই। ১২ বছৰ বয়সতে বিবাহপাশত আবদ্ধ হোৱা ভগৱানীয়ে মাত্ৰ ৩০ বছৰতে নিজৰ স্বামীক হেৰুৱাব লগা হয়।

স্বামীৰ মৃত্যুৰ সময়ত তেওঁ আছিল গৰ্ভৱতী। স্বামীৰ মৃত্যুৰ সময়তে তেওঁলোকৰ পুত্ৰ সন্তানেও এই পৃথিৱীৰ পৰা মেলানি মাগে। ইমানৰ পিছতো তেওঁ পুনৰ বিবাহৰ চিন্তা নকৰি নিজৰ গৰ্ভত থকা কন্যা সন্তানটিক জন্ম দি লালন পালন কৰে।


অশেষ কষ্ট আৰু প্ৰত্যাহ্বানেৰে ভৰা এই জীৱনৰ মাজতো নিজকে শক্তিশালী নাৰী হিচাপে প্ৰতিষ্ঠা কৰে ভগৱানী দেৱীয়ে। লাহে লাহে তেওঁ ক্ৰীড়া জগতত মনোনিৱেশ কৰে আৰু বিগত সময়ছোৱাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন খেলত চমৎকাৰী প্ৰদৰ্শনেৰে নিজকে উজ্বলাই তোলে।