NORTHEAST NOW (Assamese)
অসম

মৰ্মান্তিক! খাদ্যই হ’ল কাল : চাওমিন খাই মৃত্যু স্কুলীয়া ছাত্ৰৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 31, 2023 5:51 pm

শুকুৰবাৰে কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। নুডলছ সেৱন কৰি মৃত্যুমুখত পৰিছে এগৰাকী স্কুলীয়া ছাত্ৰৰ।

নিহত ছাত্ৰজনৰ নাম তন্ময় বৰা ৰংপি।

মঙলবাৰে হাওৰাঘাটত এখন বিদ্যালয়ৰ কেইবাগৰাকী ছাত্ৰছাত্ৰী আৰু শিক্ষকে দুপৰীয়াৰ আহাৰত একেলগে গ্ৰহণ কৰিছিল নুডলছ। আৰু নুডলছ সেৱনৰ পিছতেই ছাত্ৰছাত্ৰী আৰু শিক্ষককে ধৰি ১২ জন লোক অসুস্থ হৈ পৰে।

অসুস্থ হৈ পৰা তিনিগৰাকী ছাত্ৰক উন্নত চিকিৎসাৰ বাবে নগাঁওলৈ স্থানান্তৰিত কৰা হৈছিল যদিও শুকুৰবাৰে তাৰ মাজৰে এজন ছাত্ৰ, তন্ময় বৰা ৰংপিয়ে মৃত্যুক সাৱটি লয়।

জানিব পৰা মতে, নুডলছ সেৱন কৰা ছাত্ৰছাত্ৰী, শিক্ষক আৰু কৰ্মচাৰীসকল আছিল হাওৰাঘাট শংকৰদেৱ বিদ্যা নিকেতনৰ।

খাদ্য বিষক্ৰিয়া ঘটি চিকিৎসালয়ত ভৰ্তি হোৱাসকলৰ ভিতৰত আছে বিদ্যালয়খনৰ ৫ গৰাকী ছাত্ৰছাত্ৰী আৰু ৭ গৰাকী শিক্ষক আৰু কৰ্মচাৰী।

ইফালে হাওৰাঘাটত অসম আৰক্ষীয়ে এই গোচৰৰ তদন্ত আৰম্ভ কৰিছে।