NORTHEAST NOW (Assamese)
Popular Stories

ধোনীৰ ধমক! হাৰ্ডিকৰ হাতত পৰাস্ত হৈ খং খাই উঠিল মাহী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 1, 2023 8:01 am

আই পি এলৰ প্ৰথমখন মেচত গুজৰাট টাইটানছৰ হাতত পৰাস্ত হোৱাৰ পিছত খেলপথাৰতে সতীৰ্থসকলক ধমকি দিলে মহেন্দ্ৰ সিং ধোনীয়ে।

চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে দলটোৰ ভুলৰ কথা প্ৰকাশ কৰি কয় যে দলটোৰ উন্নতিৰ প্ৰয়োজন আছে।

মেচৰ শেষত পৰাজয়ৰ কাৰণ বিশ্লেষণ কৰি থকাৰ সময়তে ধোনীয়ে বেটছমেনৰ বিষয়টো উত্থাপন কৰে। ধোনীয়ে কয় যে প্ৰথম ইনিংছত চেন্নাইয়ে ভাল আৰম্ভণি কৰিছিল। ৰুতুৰাজ গাইকৱাদে ভাল খেলিছিল। কিন্তু তেওঁৰ লগত কোনেও সমানে খেলিব পৰা নাছিল। ফলত ৰান কম হ’ল।

ধোনীয়ে ক’লে, “আমি জানিছিলোঁ পিছত বৰষুণ হব। গতিকে বেটছমেনসকলে অলপ বেছি দায়িত্ব লৈ খেলিব লগা হ’ল। ৰুতুৰাজে খুব ভাল খেলিছিল। কিন্তু বাকীবোৰে তেওঁক সহায় কৰিব নোৱাৰিলে। আমাৰ ১৫২০ ৰান কমি আছিল। সেইখিনিতে আমি পৰাজয় হ’ব লগা হৈছিল।

ধোনীয়ে কেৱল বেটছমেনকেই নহয় নিজৰ দলৰ বলাৰকো দোষাৰোপ কৰে। অতিৰিক্ত ৰান দিয়াৰ বাবে বিশেষ সুখী নহয় তেওঁ।

ধোনীয়ে কলে, “হাংগাৰ গেকাৰৰ গতি আছে। কিন্তু তেওঁ এতিয়াও সৰু। বলাৰসকলে বুজিব লাগিব যে অতিৰিক্ত ৰান দিয়াটো দলৰ বাবে ক্ষতি। ৱাইডআৰু নো যিমান কম হয় সিমানেই ভাল।”

উল্লেখ্য যে যোৱাবাৰ আই পি এলৰ শেষৰ ৩ খন মেচত পৰাস্ত হৈছিল চেন্নাই। এইবাৰো প্ৰথমখন মেচতে পৰাস্ত হয় ধোনীৰ চেন্নাই চুপাৰ কিংছ। অৰ্থাৎ আই পি এলত ধোনীয়ে একেৰাহে চাৰিখন মেচত পৰাস্ত হ’বলগীয়া হৈছে।

আই পি এলত আজিলৈকে চেন্নাইয়ে এবাৰো গুজৰাট টাইটানছক পৰাস্ত কৰিব পৰা নাই।

ধোনীৰ পৰৱৰ্তী মেচখন আছে ৩ এপ্ৰিলত। প্ৰতিদ্বন্দ্বী লক্ষ্ণৌ ছুপাৰ জায়েন্টছ। সেই মেচত ধোনীয়ে হেৰুৱা গৌৰৱ ঘূৰাই আনিব পাৰেনে নোৱাৰে সেয়া হ’ব লক্ষ্যনীয়।