NORTHEAST NOW (Assamese)
অসম

আজি কাজিৰঙালৈ আহিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 6, 2023 10:13 am

আজি অসমত উপস্থিত হ’ব ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু দুদিনীয়া কাৰ্যসূচীৰে আজি পুৱা অসমলৈ উৰা মাৰিছে ৰাষ্ট্ৰপতিগৰাকীয়ে

আজি পুৱা ১০ বজাত তেজপুৰ বিমানবন্দৰত অৱতৰণ কৰাৰ কথা ৰাষ্ট্ৰপতি মুৰ্মুৰ বিমান

কাজিৰঙাৰ বিভিন্ন স্থানত অনুষ্ঠিত হ’বলগীয়া গজ উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব দ্ৰুপদী মুৰ্মুৱে

ৰাষ্ট্ৰপতি মুৰ্মুৱে জীপ আৰু হাতী ছাফাৰীত ৰাষ্ট্ৰীয় উদ্যানখনৰ মনোমোহা দৃশ্য উপভোগ কৰিব।

কাজিৰঙা গজ উৎসৱ হৈছে এছিয়াটিক হাতী সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰতি বছৰে আয়োজিত এক উৎসৱ।

ৰাজ্যত বৃদ্ধি পোৱা মানুহহাতী সংঘাতৰ বিষয়ে আলোকপাত আৰু সমাধানৰ উপায় বিচাৰি উলিওৱাৰ লক্ষ্যৰে বন বিভাগ আৰু পৰ্যটন বিভাগে যৌথভাৱে আয়োজন কৰিছে এই গজ উৎসৱ

এই উৎসৱ উপলক্ষ্যে ইতিমধ্যে শ শ ঘৰচীয়া হাতীক মূৰৰ পৰা ভৰিলৈকে সজাই তোলা হৈছে। গজ উৎসৱত হাতীয়ে পেৰেড, দৌৰ, ফুটবল আৰু নৃত্যৰ দৰে কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰিছে

উল্লেখ্য যে বুধবাৰৰ পৰা আৰম্ভ হোৱা গৌহাটী উচ্চ ন্যায়ালয়ৰ ৭০ বছৰীয়া জয়ন্তী উদযাপনতো অংশগ্ৰহণ কৰাৰ কথা আছে ৰাষ্ট্ৰপতি মুৰ্মুয়ে। ভাৰতৰ মুখ্য ন্যায়াধীশ ন্যায়াধীশ ধনঞ্জয় ৱাই চন্দ্ৰচুদেও অংশগ্ৰহণ কৰিব এই অনুষ্ঠানত।