NORTHEAST NOW (Assamese)
Popular Stories

পুনৰ বিমানত অসভ্য ভদ্ৰলোক! লণ্ডনলৈ উৰা মাৰিও বিমান উভতিল দিল্লীলৈ; কি ঘটিছিল?

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী April 10, 2023 6:04 pm

কেতিয়াবা টয়লেটত ধূমপান, কেতিয়াবা সহযাত্ৰীৰ ওপৰত প্ৰস্ৰাৱ কৰা, বিমানত ইটোৰ পিছত সিটো ঘটনা ঘটিয়েই আছে। এইবাৰ এয়াৰ ইণ্ডিয়াৰ বিমানত ঘটিল এক ঘটনা। অভদ্ৰ আচৰণৰ বাবে বিমানখনৰ পৰা বাহিৰ কৰি দিয়া হ’ল এজন যাত্ৰীক। কিন্তু নমাই দিবলৈ দিল্লীলৈ উভতি আহিব লগা হ’ল বিমানখন৷

সোমবাৰে পুৱা ৬:৩৫ বজাত দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা লণ্ডনলৈ উৰা মাৰিছিল এয়াৰ ইণ্ডিয়াৰ এখন বিমান। বিমানখনত ২২৫ জন যাত্ৰী আছিল। মাজ আকাশতে বিমান পৰিচাৰিকাসকলৰ সৈতে তৰ্ক কৰিবলৈ আৰম্ভ কৰে এজন যাত্ৰীয়ে।

লগতে পঢ়ক: নতুন ধৰণেৰে পাইথাগোৰাছৰ সূত্ৰ প্ৰমাণ দুগৰাকী স্কুলীয়া ছাত্ৰীৰ! স্তম্ভিত গণিতজ্ঞ মহল

এয়াৰ ইণ্ডিয়াই প্ৰকাশ কৰা বিবৃতি অনুসৰি বিমান যাত্ৰাৰ পিছত এজন যাত্ৰীয়ে অস্বাভাৱিক আচৰণ কৰিবলৈ আৰম্ভ কৰে। তেওঁক বাৰে বাৰে সকীয়াই দিয়া হৈছিল যদিও, তেওঁ একো শুনিবলৈ অস্বীকাৰ কৰিছিল। দুজন বিমানকৰ্মীৰ ওপৰত পৰি গ’ল। তেওঁৰ এই আচৰণত দুজন বিমানকৰ্মী আহত হয়।

এই ঘটনাৰ পিছত লগে লগে পাইলটজনক বিমানখন দিল্লীলৈ উভতাই নিবলৈ নিৰ্দেশ দিয়া হয়। পুৱা প্ৰায় ৯:৪০ বজাত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰি যাত্ৰীজনক নিৰাপত্তাৰক্ষীৰ হাতত গতাই দিয়ে। লগতে এয়াৰ ইণ্ডিয়াই যাত্ৰীজনৰ বিৰুদ্ধে আৰক্ষীক এজাহাৰ দাখিল কৰে।

লগতে পঢ়ক: ক্ষমা বিচাৰিলে দলাই লামাই! কিশোৰৰ ওঁঠত চুম্বন বিতৰ্কক লৈ কি ক’লে ধৰ্মগুৰুগৰাকীয়ে?

উল্লেখ্য যে যোৱা মাহত লণ্ডনৰ পৰা মুম্বাই অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানত এজন যাত্ৰীক ধূমপান কৰা দেখা গৈছিল। বিমান কৰ্তৃপক্ষই তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। যোৱা বছৰৰ নৱেম্বৰ মাহত এয়াৰ ইণ্ডিয়াৰ বিমানত প্ৰস্ৰাৱৰ ঘটনা সংঘটিত হৈছিল। সেই ঘটনাৰ বাবে এয়াৰ ইণ্ডিয়াকো ৩০ লাখ টকা জৰিমনা বিহা হৈছিল।