NORTHEAST NOW (Assamese)
অসম

মধ্যাহ্ন ভোজন বন্ধ কৰি আচলতে ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ বন্ধ কৰাৰ চক্ৰান্ত কৰিছে চৰকাৰে : ডি ৱাই এফ আই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 11, 2023 10:14 pm

সমগ্ৰ শিক্ষাৰ মিছন সঞ্চালয়কে এক নিৰ্দেশনা যোগে অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠানৰ ছাত্ৰছাত্ৰীক প্ৰদান কৰি অহা মধ্যাহ্ন ভোজন (পি এম পোষণ) আঁ‌চনি বন্ধ কৰিবলৈ ওলাইছে। সমগ্ৰ শিক্ষা অভিযানৰ এই নিৰ্দেশ শিক্ষা বিৰোধী আৰু ছাত্ৰছাত্ৰীৰ স্বাৰ্থৰ পৰিপন্থী বুলি অভিহিত কৰি ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিয়ে এই নিৰ্দেশনা তৎকালে প্ৰত্যাহাৰ কৰিবলৈ দাবী জনাইছে।

অসমৰ অতি পশ্চাৎপদ অঞ্চলৰ অতি দুখীয়া পৰিয়ালৰ ছাত্ৰছাত্ৰী ভেঞ্চাৰ শিক্ষানুষ্ঠানত পঢ়ে। শিক্ষাসকলে দীৰ্ঘকাল ধৰি এই বিদ্যালয়সমূহত বিনা বেতনে শিক্ষা সেৱা আগবঢ়াই আহিছে। চৰকাৰ আৰু বিভাগে স্বীকৃতি দিয়া বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰিছিল যদিও এতিয়াও ৪৫৬০ খন প্ৰাথমিক, ৩১১০ খন উচ্চ প্ৰাথমিক বিদ্যালয়সহ মুঠ ৭৬৭০ খন ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণ আওতাৰ বাহিৰত ৰৈ গৈছে। এই বিদ্যালয়ত অধ্যয়নৰত হাজাৰ হাজাৰ ছাত্ৰছাত্ৰীয়ে চৰকাৰৰ পৰা বিনামূলীয়া পাঠ্যপুথিৰ লগতে মধ্যাহ্ন ভোজন পাই আছিলে। কিন্তু হঠাৎ চৰকাৰে অমানৱীয় সিদ্ধান্তৰে প্ৰথমতে মধ্যাহ্ন ভোজন কৰ্তন কৰিবলৈ ওলাইছে।

আশংকা কৰা হৈছে চৰকাৰে বিনামূলীয়া পাঠ্যপুথিৰ যোগানো ভবিষ্যতে বন্ধ কৰি দিব পাৰে। উল্লেখ্য যে শেহতীয়াকৈ ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণৰ দাবীত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি উঠিব ধৰিছে। এনে অৱস্থাত প্ৰতিশোধপৰায়ন বিজেপি চৰকাৰে আন্দোলনটোক ভিতৰৰ পৰাই দুৰ্বল কৰাৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰিছে। তাৰে প্ৰথম পদক্ষেপ হিচাপে মধ্যাহ্ন ভোজন বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

মন কৰিলগীয়া যে ক্ষমতালৈ আহিলে ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ প্ৰাদেশিকীকৰণ কৰাৰ বিষয়টো আছিল বিজেপি চৰকাৰৰ এক উল্লখযোগ্য নিৰ্বাচনী প্ৰতিশ্ৰুতি। ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে চৰকাৰৰ এই স্বৈৰাচাৰী আৰু অমানৱীয় নিৰ্দেশনা শীঘ্ৰে প্ৰত্যাহাৰ কৰাৰ লগতে ইয়াৰ সৈতে জড়িত ছাত্ৰছাত্ৰী আৰু শিক্ষক সমাজৰ প্ৰতি অন্যায় নকৰিবলৈ দাবী জনাইছে।