NORTHEAST NOW (Assamese)
Popular Stories

প্ৰধানমন্ত্ৰী মোদী অহাৰ পূৰ্ব নিশাই গুৱাহাটীত লাগিল ৱাশ্বিং পাউদাৰ নিৰ্মাৰ পোষ্টাৰ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 14, 2023 6:53 pm

দিল্লীৰ পৰা ‘মোদী হটাও দেশ বচাও’ৰ পাছতে দক্ষিণৰ পৰাও ৱাশ্বিং পাউদাৰ নিৰ্মাৰ ৰাজনৈতিক ব্যংগৰ পোষ্টাৰখন গুৱাহাটীত আহি পালেহি।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীলৈ অহাৰ পূৰ্ব নিশাই মহানগৰীৰ ঠাই বিশেষে ‘ৱাশ্বিং পাউদাৰ নিৰ্মা’ শীৰ্ষক পোষ্টাৰখন দেখা পোৱা গ’ল।

পোষ্টাৰখনত অন্য দলৰ পৰা গৈ বিজেপিত যোগ দিয়া বিতৰ্কিত তথা দুৰ্নীতিত অভিযুক্ত নেতাসকলক দেখা গৈছে। অৰ্থাৎ অন্য দলত থাকোতে দুৰ্নীতিত নিমজ্জিত বুলি খোদ বিজেপিয়ে অভিযোগ কৰা নেতাবোৰ বিজেপিত যোগ দিয়াৰ পাছত একেনিশাই ৰজা হৰিচন্দ্ৰত পৰিণত হোৱা বুলি কটাক্ষ কৰা হৈছে।

সাধাৰণ ভাষাৰে ক’বলৈ গ’লে বিজেপিয়ে ৱাশ্বিং পাউদাৰ নিৰ্মাৰেৰে নোৱাই ধোৱাই এই নেতাসকলৰ গাত থকা চেকাবোৰ গুচাই লৈছে।

 

তীব্ৰ ৰাজনৈতিক ব্যংগাত্মক এই পোষ্টাৰত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক প্ৰথম স্থান দিয়াৰ লগতে নবিজেপি মহাৰাষ্ট্ৰৰ নাৰায়ণ ৰাণে, পশ্চিমবংগৰ শুভেন্দু অধিকাৰী, মধ্যপ্ৰদেশৰ জ্যোতিৰাদিত্য সিন্ধিয়াৰ আদি নেতাও আছে।   

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীলৈ অহাৰ পূৰ্ব নিশা এই পোষ্টাৰসমূহ লগোৱাৰ পাছতে ৰাজনৈতিক বিষয়টো বিশেষভাৱে চৰ্চা লাভ কৰা দেখা গৈছে। এতিয়ালৈকে কোনে এই পোষ্টাৰসমূহ লগাইছে সেয়া জানিব পৰা হোৱা নাই।