NORTHEAST NOW (Assamese)
অসম

সুখবৰ : ফিল্ম ফেয়াৰলৈ মনোনীত হ’ল অসমৰ সুমন অধিকাৰী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 25, 2023 1:55 pm

অসমবাসীৰ বাবে এটা ভাল খবৰ। গৌৰৱৰ খবৰ। ৬৮ সংখ্যক ফিল্ম ফেয়াৰলৈ দুটাকৈ বঁটাৰ বাবে মনোনীত হৈছে বৰপেটাৰ যুৱক সুমন অধিকাৰী।

বধাই ডো নামৰ ছবিখনৰ শ্ৰেষ্ঠ কাহিনী আৰু শ্ৰেষ্ঠ চিত্ৰনাট্য বাবে দুটা মনোনয়ন লাভ কৰিছে সুমন অধিকাৰীয়ে।

ইয়াৰ পূৰ্বে তেওঁৰ চিত্ৰনাট্যৰে নিৰ্মিত চুটি ছবি ছ’ৰী ভাইছাবৰ বাবে ফিল্মফেয়াৰ লাভ কৰিছিল।

ইয়াৰ উপৰিও তেওঁ বধাই ডো ছবিৰ শ্ৰেষ্ঠ চিত্ৰনাট্যৰ বাবে আই আই এফ এৰ মনোনয়ন লাভ কৰিছে।

উল্লেখযোগ্য যে ভাৰতৰ চলচ্চিত্ৰ উদ্যোগৰ পেছাদাৰীসকলৰ কলাত্মক আৰু কাৰিকৰী উৎকৃষ্টতা দুয়োটাকে সন্মান জনাই প্ৰতি বছৰে দ্য টাইমছ গ্ৰুপে ফিল্মফেয়াৰ বঁটা প্ৰদান কৰি আহিছে।

দশক দশক ধৰি ভাৰতীয় চিনেমা জগতত বিশ্বাসযোগ্যতা আৰু সফলতাৰ প্ৰতিমূৰ্তি হিচাপে পৰিগণিত হৈ এই সন্মানীয় ফিল্ম ফেয়াৰ এৱাৰ্ড।

উল্লেখ্য যে ৬৮ সংখ্যক ফিল্ম ফেয়াৰ এৱাৰ্ড ২৭ এপ্ৰিলত মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনচন চেণ্টাৰত অনুষ্ঠিত হ’ব।