NORTHEAST NOW (Assamese)
Popular Stories

অৱশেষত ন্যায়! যৌন নিৰ্যাতনৰ অভিযোগত বিজেপি সাংসদৰ বিৰুদ্ধে FIR দিল্লী আৰক্ষীৰ

Posted by: এন ই নাও নিউজ, নতুন দিল্লী Updated by: এন ই নাও নিউজ, নতুন দিল্লী April 29, 2023 7:08 am

অৱশেষত মল্লযুঁজাৰুসকলে জয়লাভ কৰিলে। ৰাষ্ট্ৰীয় মল্লযুঁজ সন্থাৰ সভাপতি ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে শুকুৰবাৰে নিশা দিল্লী আৰক্ষীয়ে দুখন এফআইআৰ দাখিল কৰে। ব্রিজ ভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগৰ ভিত্তিত দুখনকৈ এফআইআৰ দাখিল কৰা হৈছে৷

দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ব্রিজ ভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল এগৰাকী নাবালিকাই ৷ সেয়ে, নাবালিকাৰ অভিযোগৰ ভিত্তিত ‘পকছো’ৰ ধাৰাত এখন এফআইআৰ দাখিল কৰা হৈছে।

লগতে পঢ়ক: ‘ঘৃণামূলক ভাষণৰ ক্ষেত্ৰত অভিযোগ অবিহনেই ৰাজ্যই দাখিল কৰিব লাগিব গোচৰ’: উচ্চতম ন্যায়ালয়

বাকী মল্লযুঁজাৰুসকলৰ যৌন নিৰ্যাতনৰ অভিযোগৰ ভিত্তিত সম্পূৰ্ণ তদন্তৰ বাবে দ্বিতীয়খন এফআইআৰ দাখিল কৰা হৈছে। মল্লযুঁজাৰুসকলে দিল্লীৰ কন’ট প্লেচ থানাত মুঠ ৭টা অভিযোগ দাখিল কৰিছিল।

ব্রিজ ভূষণৰ বিৰুদ্ধে এফআইআৰ দাখিল হ’ব বুলি ইতিমধ্যে জনা গৈছিল৷ দিল্লী আৰক্ষীৰ হৈ অধিবক্তা তুষাৰ মেহতাই মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড় আৰু ন্যায়াধীশ পি এছ নৰসিংহৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠত কয় যে অভিযুক্ত মল্লযুঁজ সংগঠনৰ মুৰব্বী তথা কাইজাৰগঞ্জৰ বিজেপিৰ সাংসদগৰাকীৰ বিৰুদ্ধে শুকুৰবাৰে এফআইআৰ দাখিল কৰা হ’ব। সেই প্ৰতিশ্ৰুতি শুকুৰবাৰে নিশা পালন কৰা হ’ল।

লগতে পঢ়ক: গেৰুৱা সাজ পিন্ধি দলৰ কাৰ্যালয়লৈ অহাৰ ‘শাস্তি’, দলীয় কৰ্মীৰ গণ প্ৰহাৰৰ বলি কংগ্ৰেছ নেতা!

এফআইআৰ দাখিল হ’ব বুলি জানি ধৰ্মঘট কৰা মল্লযুঁজাৰু সাক্ষী মালিকে কয়, ‘বিজয়ৰ দিশত এইটো প্ৰথম পদক্ষেপ। কিন্তু আমাৰ প্ৰতিবাদ অব্যাহত থাকিব।” ভিনেশ ফ’গাটে কয়, ‘হয়তো অতি লঘু এফআইআৰ দাখিল কৰিব পাৰে। আমি প্ৰথমে এফআইআৰ চাম, তাৰ পিছত ধৰ্ণা বাতিল কৰিম নে নকৰো সেইটো সিদ্ধান্ত লম। প্ৰথমে ব্রিজ ভূষণক গ্ৰেপ্তাৰ কৰি সকলো পদৰ পৰা অপসাৰণ কৰিব লাগে। অন্যথা তেওঁ তদন্তত প্ৰভাৱ পেলাব পাৰে।”